
উত্তপ্ত অসম বিধানসভা।
ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশ।
কংগ্ৰেছ সাংসদে প্ৰদৰ্শন কৰিলে প্লে'কাৰ্ড।
অধ্যক্ষৰ আসনৰ সন্মুখলৈ আগবাঢ়ি গৈ কংগ্ৰেছ বিধায়কে দিছে বিভিন্ন শ্ল'গান।
সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিল কংগ্ৰেছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ আগবঢ়াই থকাৰ মাজতে সৃষ্টি হয় এই পৰিস্থিতি।
কংগ্ৰেছৰ এই প্ৰতিবাদক অৰ্থহীন আখ্যা বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।
অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে পুৱাই অসম বিধানসভাৰ চৌহদত কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্ব কংগ্ৰেছ বিধায়িনী দলে এই প্ৰতিবাদ সাব্যস্ত কৰে।
কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদৰ অংশ হিচাপে বিধানসভালৈ পৰিধান কৰি আহিছে ক'লা বস্ত্ৰ।