বৰবৰুৱা প্ৰেছ ক্লাৱৰ উদ্যোগত-নেফচাৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন

বৰবৰুৱা প্ৰেছ ক্লাৱৰ উদ্যোগত-নেফচাৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন

author-image
Asomiya Pratidin
New Update
বৰবৰুৱা প্ৰেছ ক্লাৱৰ উদ্যোগত-নেফচাৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন

ডিজিটেল সংবাদ, বৰবৰুৱাঃ বুধবাৰে দেশৰ ৫১ সংখ্যক বিশ্ব পাৰিপাৰ্শ্বিক দিৱস।দেশৰ সমগ্ৰ প্ৰান্ততে পালন কৰা হৈছে এই দিৱস। ৫২নং (B) ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত আজি বৰবৰুৱা প্ৰেছ ক্লাবে এক বৃক্ষৰোপন কাৰ্যসূচী পালন কৰে। এই কাৰ্যসূচীৰ আঁত ধৰে বৰবৰুৱা প্ৰেছ ক্লাবৰ সম্পাদক মহানন্দ দত্তই।।

Advertisment

এই কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বৰবৰুৱা আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুৰাজ দাস,নেফচাৰ সঞ্চালক গনপতি চোংক্ৰাং, লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক ৰাজেশ বদন নায়ক, লেপেটকটা স্থিত অসম গ্ৰীণ চাহ কোম্পানীৰ পৰিচালক দেৱজিত কালোৱাৰ। এই কাৰ্যসূচীৰ জৰিয়তে যুৱপ্ৰজন্ম তথা ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতিৰ লগত জড়িত হ'বলৈ যথেষ্ট উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য আগবঢ়াই ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই।

Also Read: গৃহ সমষ্টিত ভোটাৰক কৃতজ্ঞতা জ্ঞাপন নৱ-নিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যৰ

Barbaruah world environment day barbaruah press club nefsa