/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/42383c10-f441-4429-865e-bba14a96d7d6/10.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় কলাখোৱাৰ বাঁহবাৰী গাঁৱৰ চেচুঘাটত দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই গৈছে বনৰীয়া মহে। বহু খেতিয়কৰ বিঘাই বিঘাই ৰবিশস্য খাই তহিলং কৰিছে। এই ক্ষেত্ৰত কৃষক তথা গাঁওবাসীয়ে বন বিভাগক অৱগত কৰিছে যদিও সেই স্থানত উপস্থিত হোৱা নাই বন বিভাগৰ এজনো লোক।
কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা ৰবিশস্য বোৰ বনৰীয়া মহে খাই নষ্ট কৰাত এতিয়া মূৰে কপালে হাত দিছে কৃষকসকলে। অন্যহাতে মানুহ দেখিলেই আক্ৰমণ কৰিবলৈ চোঁচা মাৰি যায় মহ কেইটাই। যাৰ ফলত বনৰীয়া মহ'ৰ উপদ্ৰৱৰ বাবে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে কৃষক সকলে। গভীৰ নিদ্ৰাত খোৱাং আঞ্চলিক বন সংমণ্ডৰ বন কৰ্মীসকল। এতিয়া অতি শীঘ্ৰে কৃষকসকলে মহকেইটা সেই স্থানৰ পৰা আঁতৰাই পথিয়াবলৈ আহ্বান জনাইছে বন বিভাগক।
Also Read: এ পি এচ চি কেলেংকাৰীত জড়িত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us