এ পি এচ চি কেলেংকাৰীত জড়িত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন

এ পি এচ চি কেলেংকাৰীত জড়িত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন

author-image
Asomiya Pratidin
New Update
এ পি এচ চি কেলেংকাৰীত জড়িত ৪  ৰাজপত্রিত বিষয়াক নিলম্বন

ডিজিটেল ডেস্কঃ এ পি এচ চি কেলেংকাৰীত অভিযুক্ত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন কৰিলে ৰাজ্য চৰকাৰে। ৩০ নবেম্বৰত এক বিশেষ নিৰ্দেশনাযোগে নিলম্বন কৰা হয় এচিএচ বিষয়া আকাশী দুৱৰা, এচিএচ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱা, এচিএচ বিষয়া ধিৰাজ কুমাৰ জৈন আৰু এচিএচ বিষয়া হিতেশ মজুমদাৰক।

Advertisment

উল্লেখ্য যে, এচিএচ বিষয়া ধিৰাজ কুমাৰ জৈন আৰু সুকন্যা দাসক শুকুৰবাৰে তলব কৰিব SITয়ে। উক্ত বিষয়াসকলৰ বিৰুদ্ধে বক্ৰ পথেৰে চাৰকি লোৱাৰ অভিযোগ থকাৰ পৰিপ্ৰেক্ষিততে বিষয়া কেইগৰাকীক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ইতিপূৰ্বেই এডিচি আকাশী দুৱৰাক তলব কৰিছিল SITয়ে। ১২ ঘন্টাযোৰা জেৰাত আকাশী দুৱৰাৰ পৰা ইতিমধ্যে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে SITয়ে। প্ৰাপ্ত তথ্য অনুসৰি, হিতেশ মজুমদাৰ আৰু ধ্ৰুৱজ্যোতি জৈনলৈয়ো তলবৰ জাননী প্ৰেৰণ কৰিছে SITয়ে।

Also Read: আজি বিশ্ব এইডছ দিৱস

APSC scam