/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/310ccca3-3c8e-438c-a1a0-9c67d4c4a708/z9.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ৰাজ্যখনত চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ বাবে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ ব্যৱস্থাৰ গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। সকলো সুবিধা থকাৰ পাছতো বহু চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি নকৰাটো চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।
তেনে সময়তেই ডিব্ৰুগড়ৰ এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত দেখা গৈছে এক ব্যতিক্ৰমী ছবি। ১৯৮৫ চনতেই স্থাপিত লেকাই মধ্য ইংৰাজী বিদ্যালয়খন আজি পৰ্যন্ত প্ৰাদেশিকৰণ কৰা নহ'ল। বৰ্তমানেও ১৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি আছে। কিন্তু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী থকাৰ পিছটো বিদ্যালয়খন চৰকাৰে প্ৰাদেশিকৰণ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে বিনা বেতণে ছাত্ৰ-ছাত্ৰীক প্ৰতিদিনে পাঠ দান কৰি অহা শিক্ষক শিক্ষয়িত্ৰীসকলে।
তাৰোপৰি পাঠ গ্ৰহণ কৰিবলৈ অহা ছাত্র-ছাত্ৰীসকলৰ প্ৰায়ভাগেই গ্ৰামঞ্চল আৰু চাহ অধ্যুষিত অঞ্চলৰ। বিদ্যালয় খনৰ আন্তঃগাঁঠনিৰ বাবে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাক বাৰে বাৰে আৱেদন কৰাৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিধায়ক হাজৰিকাৰ বিৰুদ্ধে।
Also Read: ৮ মহীয়া গৰ্ভৱতী মহিলাক ধৰ্ষণৰ অপচেষ্টা