/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/07a79cce-680d-4c11-b56e-e337b207d911/drug.jpg)
দুই সৰবৰাহকাৰী
ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপ থানাৰ অন্তৰ্গত নামৰূপ ৰে'ল ষ্টেচনৰ কাষৰ পৰা মঙলবাৰে নামৰূপ আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ ড্ৰাগছ । দিনৰ ১২ মান বজাত প্ৰায় পঞ্চাশ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হ’য় নামৰূপ আৰক্ষী।
নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষী এটা দলে চলাই অভিযান । ৰে'ল ষ্টেচনৰ কাষৰ পৰা বিশাল গোৱালা (২১) আৰু পলাশ বৰা (৩২) নামৰ দুই যুৱকৰ পৰা হাতেলোটে ড্ৰাগছৰ চাৰিটা টোপোলা জব্দ কৰে । লগতে দুই যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, বিশাল গোৱালা দিল্লীঘাটৰ আৰু পলাশ বৰা বি ভি এফ চি নিউ কলনীৰ বাসিন্দা। দুয়োকে বুধবাৰে ডিব্ৰুুগড়স্থিত কাৰাগাৰলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষীৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ।
Also Read: সংগীত নাটক একাডেমীৰ শীৰ্ষ পদত অসমীয়াঃ শিৱসাগৰৰ কোঁৱৰপুৰৰ পৰা আৰম্ভ হৈছিল যাত্ৰা...