সংগীত নাটক একাডেমীৰ শীৰ্ষ পদত অসমীয়াঃ শিৱসাগৰৰ কোঁৱৰপুৰৰ পৰা আৰম্ভ হৈছিল যাত্ৰা...

সংগীত নাটক একাডেমীৰ শীৰ্ষ পদত অসমীয়াঃ শিৱসাগৰৰ কোঁৱৰপুৰৰ পৰা আৰম্ভ হৈছিল যাত্ৰা...

author-image
Asomiya Pratidin
New Update
সংগীত নাটক একাডেমীৰ শীৰ্ষ পদত অসমীয়াঃ শিৱসাগৰৰ কোঁৱৰপুৰৰ পৰা আৰম্ভ হৈছিল যাত্ৰা...

ডিজিটেল ডেস্কঃ সংগীত নাটক একাডেমীৰ শীৰ্ষ পদত অসম সন্তান। সংগীত নাটক একাডেমীৰ শীৰ্ষ প্ৰশাসনিক পদত অধীস্থিত হ'ল ৰাজু দাস। শিৱসাগৰৰ প্ৰয়াত ডম্বৰুধৰ দাস আৰু বুলুপ্ৰভা দাসৰ সন্তান ৰাজু দাসে সংগীত নাটক একাডেমীৰ সচিব পদত অধিস্থিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Advertisment

এই পদত অধিস্থিত হোৱা তেওঁ প্ৰথমগৰাকী অসমীয়ায়েই নহয় উত্তৰ পূৰ্বাঞ্চলৰে প্ৰথমগৰাকী ব্যক্তি হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে, ২০০৫ চনত ৰাজু দাসে সংগীত নাটক একাডেমীৰ প্ৰগেম অফিচাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ একাডেমীৰ উপ-সচিব পদতো কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰোপৰি সংগীত নাটক একাডেমীৰ অধিনত গুৱাহাটীতত স্থাপন হোৱা সত্ৰীয়া একাডেমীৰো তেওঁ সঞ্চালক হিচাপে প্ৰায় ১০ বছৰ দায়িত্ব পালন কৰিছিল।

শিৱসাগৰৰ কোঁৱৰপুৰৰ পৰা ১৯৯৪ চনত লক্ষ্ণৌলৈ সংগীত শিকিবলৈ যোৱা ৰাজু দাসে সংগীতৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতে সংগীত নাাটক একাডেমীৰ প্ৰগেম অফিচাৰৰ দায়িত্ব লাভ কৰিছিল। তাৰ পাছৰ পৰাই সংগীত নাটক একাডেমীৰে ৰাজু দাসৰ যাত্ৰা আৰম্ভ হৈছিল।

সংগীত নাটক একাডেমীৰ সৰ্বোচ্ছ সচিব পদ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰাজু দাসে তেওঁৰ এই সফলতাৰ আঁৰত দুয়োজনা গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱ দেৱৰ উপৰিও পৰিয়ালৰ আশীৰ্বাদ থকাৰ কথা উল্লেখ কৰিছে। ইয়াৰোপৰি তেওঁ অসম তথা দেশবাসীৰ মৰমৰ বাবেই আজি এই পদত অধিস্থিত হ'বলৈ সক্ষম হৈছে বুলিও মত পোষণ কৰিছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে সংগীত নাটক একাডেমীয়ে বহু পদক্ষেপ হাতত লোৱাৰ কথা উল্লেখ কৰি তেওঁ পৰৱৰ্তী সময়তো এই পদক্ষেপসমূহ অব্যাহত থাকিব বুলিও মন্তব্য কৰে।

সংগীত নাটক একাডেমীয়ে গুৱাহাটীত স্থাপন কৰা সত্ৰীয়া একাডেমীৰ ১০ বছৰ কাল সঞ্চালক হিচাপে দায়িত্বত থকাৰ সময়তে ৰাজু দাসে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতি, সংত্ৰীয় নৃত্য, লোক নৃত্য আদিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ সমগ্ৰ দেশৰ বাবেই অতি দায়বদ্ধতাৰে কাম কৰি যাব বুলিও মন্তব্য কৰে।

Also Read: বিৰাট কোহলি অতি অহংকাৰী- ক'লে এ বি ডিভিলিয়াৰ্ছে...

ৰাজু দাস সংগীত নাটক একাডেমী