চাবুৱাৰ ডিকমত আৰক্ষী বাহন জ্বলোৱা অভিযোগত তিনিজনক আটক...

যোৱা ১০ এপ্ৰিলৰ নিশা ডিকমত আৰক্ষী গাড়ী জ্বলোৱা অভিযোগত নাহৰতলি চাহ বাগিছাৰ তিনি জন যুৱক চাবুৱা আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশা আটক কৰিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
চাবুৱাৰ ডিকমত আৰক্ষী বাহন জ্বলোৱা অভিযোগত তিনিজনক আটক...

ডিজিটেল সংবাদ, চাবুৱাঃ যোৱা ১০ এপ্ৰিলৰ নিশা ডিকমত আৰক্ষী গাড়ী জ্বলোৱা অভিযোগত নাহৰতলি চাহ বাগিছাৰ তিনি জন যুৱক চাবুৱা আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশা আটক কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে যোৱা ১০ এপ্ৰিলত ডিকমৰ বাইপাছৰ পথ দুঘটনাত তিনি গৰাকী চাহ শ্ৰমিক মহিলা মৃত্যু কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিবেশ সৃষ্টি হৈছিল ।

তাৰ পাছতেই একাংশ ৰাইজে প্ৰায় সাত ঘন্টা পথ অৱৰোধ কৰি পৰিবেশ উত্তাল কৰি তুলিছিল ।

তাৰ পিছতেই নিশা একাংশ লোকৰ ছত্ৰছায়াত ডিকম আৰক্ষী বাহন জ্বলাই দি ভয়ঙ্কৰ পৰিবেশ সৃষ্টি কৰি হৈছিল ।

চাবুৱা আৰক্ষীয়ে ইতিমধ্যে আৰক্ষী বাহন জ্বলোৱা অভিযোগত শুকুৰবাৰে তিনি গৰাকী যুৱক আচক কৰে । আটকাধীন যুৱক কেইজন হৈছে ক্ৰমে আকাশ কুমাৰ, মিনাল ভূমিজ, ৰমজান আলি ।

অভিযুক্ত কেইজনক ইতিমধ্যেই মহামান্য জিলা ন্যায়ধিক আদালতলৈ প্ৰেৰণ কৰিছে । চাবুৱাৰ আৰক্ষীয়ে তদন্ত খাটিৰত সংবাদ মাধ্যমৰ আগত বৰ্তমানলৈকে কোনোধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত আছে ।

Also Read: UPPL ৰ অভিযোগঃ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনাইছিল হাগ্ৰামা মহিলাৰীয়ে...

chabua burning police vehicle Three arrested