UPPL ৰ অভিযোগঃ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনাইছিল হাগ্ৰামা মহিলাৰীয়ে...

UPPL ৰ অভিযোগঃ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনাইছিল হাগ্ৰামা মহিলাৰীয়ে...

author-image
Asomiya Pratidin
New Update
UPPL ৰ অভিযোগঃ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনাইছিল হাগ্ৰামা মহিলাৰীয়ে...

UPPL ৰ অভিযোগঃ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনাইছিল হাগ্ৰামা মহিলাৰীয়ে...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ২০০৩ চনৰ পৰা ২০১৭ চনলৈ হাগ্ৰামা মহিলাৰী শ্ৰীৰামপুৰৰ নেতা আছিল আৰু চিণ্ডিকেটৰ টকাৰে কোকৰাঝাৰৰ পৰা গুৱাহাটী, শিলীগুৰীলৈকে অগাধ সম্পত্তি কৰিছে । এই অভিযোগ উত্থাপন কৰিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ।

Advertisment

আজি ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত অংশগ্ৰহণ কৰি ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে উক্ত অভিযোগ কৰি হাগ্ৰামা মহিলাৰীক ক্ষুৰাধাৰ সমালোচনা কৰে । চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনোৱা হাগ্ৰামা মহিলাৰীয়ে এতিয়াও চিণ্ডিকেটৰ সপোন দেখি থাকে ।

জি এছ টি বলৱৎ হোৱাৰ পিছত আন্ত:ৰাজ্যিক গেটসমুহ বন্ধ হৈ গ'ল আৰু সেয়েহে এতিয়া কতোৱেই চিণ্ডিকেট নাই বুলি মন্তব্য কৰি ৰাজু নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰীক ভিত্তিহীন কথা নকবলৈ আহ্বান জনাইছে। ইপিনে আজিৰ সংবাদমেলতে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ইউপিপিএলৰ জনদৰদী আঁচনিৰ বিষয়ে অৱগত কৰে।

বিটিআৰত এতিয়া শান্তি বিৰাজ কৰিছে বুলি মন্তব্য কৰি যি কাম পূৰ্বতে অসম্ভৱ আছিল সেয়া এতিয়া সম্ভৱ হৈছে আৰু সকলোৰে মাজত মিলাপ্ৰীতি-সদ্ভাৱ হৈছে বুলিও উল্লেখ কৰে । তেওঁ কয়, মাটিৰ সমস্যা ৮০ শতাংশ সমাধান হৈছে আৰু জনতাৰ সমস্যা সমাধানত চৰকাৰে সদায় অগ্ৰাধিকাৰ দি আহিছে।

তদুপৰি চুপাৰ ৫০ মিছনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱা, জ্ঞান সৌৰাং বিথাংকি আৰু অঞ্চাই বিথাংকি আঁচনিৰ দ্বাৰা দুখীয়া ছাত্ৰ -ছাত্ৰী আৰু দুখীয়া মহিলাসকল উপকৃত হোৱাৰ বিষয়ে সদৰি কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে । আজিৰ সংবাদমেলত ইউপিপিএল দলৰ এগৰাকী সম্পাদক খগেন ডেকা আৰু মহিলা মৰ্চাৰ এগৰাকী সম্পাদিকা মছিদা বেগম উপস্থিত আছিল ।

Also Read: সাহিত্য সভাৰ সভাপতিক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিপুল সম্বৰ্ধনা...

হাগ্ৰামা মহিলাৰী বি টি আৰ ইউ পি পি এল