টেঙাখাতত আৰম্ভ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম অধিৱেশন...

টেঙাখাতত আৰম্ভ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম অধিৱেশন...
টেঙাখাতত আৰম্ভ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম অধিৱেশন...

ডিজিটেল সংবাদ টেঙাখাত : টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত টেঙাখাত মহাবিদ্যালয় প্ৰাঙ্গনত ৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা বিংশতিতম সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশনৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী পুৱাৰ পৰা ধাৰাবাহিকভাবে সম্পন্ন কৰা পৰিলক্ষিত হয়। কাৰ্যসূচী মৰ্মে প্ৰথমে টেঙাখাত মহাবিদ্যালয় খেল পথাৰৰ অস্থায়ী মঞ্চৰ নাতীদূৰৈত নিৰ্মাণ কৰা মূল তোৰণ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য কনক গগৈয়ে।

ইয়াৰ পিছতে সেই স্থানতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে টেঙাখাত প্ৰেছ ক্লাবৰ সভাপতি দীপক গগৈয়ে। লগে লগে গ্ৰন্থ আৰু বাণিজ্য মেলা উদ্বোধন কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অনিল গগৈয়ে আৰু মঞ্চ মুকলি কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তচেন ডেকাই আৰু প্ৰতিনিধি শিবিৰ মুকলি কৰে সৰস্বতী দেৱী বাগ্ৰদীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন্দ্ৰনাথ সোনোৱালে।

অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক অৰ্জুন চেত্ৰীয়ে আঁত ধৰি সম্পন্ন কৰা উক্ত কাৰ্যসূচীসমূহৰ পিছতে অস্থায়ী মঞ্চত দ্বাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত " ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে মাতৃভাষা মাধ্যম শ্ৰেষ্ঠ মাধ্যম " শীৰ্ষক বিষয়ৰ ওপৰত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়। টেঙাখাত মহিবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চিন্ময় ডেকাই সঞ্চালনা কৰা উক্ত প্ৰতিযোগিতাৰ আঁত ধৰে অভ্যৰ্থনা সমিতিৰ কায্যকৰী সভাপতি মৃদুল বনিয়া আৰু অধ্যাপক প্ৰাঞ্জল ভূঁঞাই।

ইফালে সন্ধিয়া জিলাখনৰ ১৫ খন আঞ্চলিক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ পাঁচ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা টেঙাখাত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিনিধি সভাখনি উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বুলবুল দত্তই। উক্ত প্ৰতিনিধি সভাৰ সমান্তৰালভাবে অস্থায়ী মঞ্চত আমন্ত্ৰিত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ-সন্থাৰ প্ৰতিনিধি সভাত পৰবৰ্তী কাৰ্যকালৰ বাবে সভাপতি পদত বৰ্তমানে কায্যনিৰ্বাহ কৰি থকা সাধাৰণ সম্পাদক অৱণী কুমাৰ গগৈ আৰু ভাৰপ্ৰাপ্ত সভাপতি ঋতুপৰ্ণ হাতীবৰুৱা তথা সাধাৰণ সম্পাদক পদত জিলা সাহিত্য সম্পাদক তথা টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অৰ্জুন ছেত্ৰী প্ৰৱল দাবীদাৰ বুলি জানিব পৰা গৈছে।

টেঙাখাতত আৰম্ভ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম অধিৱেশন...
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in