/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6ca35a2c-e93f-432c-bf8d-7a6e07c9a41c/AP_FOR_WEB_vijay.jpg)
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ অনুষ্ঠান...
ডিজিটেল ডেস্কঃ আজি ৰাজ ভৱনত শপত গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নৱ নিযুক্তি মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে। নৱ নিযুক্তি মুখ্য ন্যায়াধীশগৰাকীক শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই।
এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে, ২ ফেব্ৰুৱাৰীত এক জাননীৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ বিজয় বিষ্ণইক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বিষয়ে অৱগত কৰিছিল।
ন্যায়াধীশ বিজয় বিষ্ণই ইয়াৰ পূৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্তব্যৰত আছিল। ন্যায়াধীশগৰাকীৰ নিযুক্তিত অনুমোদন জনাইছে কেন্দ্রীয় আইন মন্ত্র্যালয়ে।