টেঙাখাতত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক আৰ্থিক সাহাৰ্য...

টেঙাখাত পানধোৱাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক বিধায়ক তেৰচ গোৱালাৰ দ্বাৰা বাসগৃহত চাৰিলাখ টকাৰ চেক প্ৰদান...

author-image
Asomiya Pratidin
New Update
টেঙাখাতত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক আৰ্থিক সাহাৰ্য...

ডিজিটেল সংবাদ, টেঙাখাত : টেঙাখাত আৰক্ষী থানা অধীনৰ পানধোৱা চাওদাং গাঁৱত ঘৰৰ সন্মুখৰ এটি ট্ৰেন্সফৰমাৰত বিদ্যুৎস্পৃষ্ট হৈ যোৱা বৰ্ষৰ ছেপ্তেম্বৰ মাহত মৃত্যু হয় ইন্দেশ্বৰ সোনোৱাল নামৰ ব্যক্তিজনৰ। উক্ত ব্যক্তিজনৰ পৰিয়ালত শণিবাৰে অসম শক্তি বিতৰক কোম্পানীৰ দ্বাৰা সাহাৰ্য প্ৰদান কৰা চাৰিলাখ টকাৰ চেক দুলিয়াজান বিধান সভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালাই পৰিয়ালবৰ্গৰ বাসগৃহত গৈ প্ৰদান কৰে।

Advertisment

ইন্দেশ্বৰ সোনোৱালৰ পত্নী সুভদ্ৰা সোনোৱাল আৰু পুত্ৰ যতীন সোনোৱালৰ হাতত প্ৰদান কৰা উক্ত চেকপ্ৰদান বিশেষ অনুষ্ঠানত অসম শক্তি বিতৰক কোম্পানীৰ দুলিয়াজানৰ সহকাৰী পৰিচালন সঞ্চালক চিকু হাজৰীকা, ভাৰতীয় জনতা পাৰ্টীৰ টেঙাখাত মণ্ডলৰ সভাপতি প্ৰিয়নাথ চেতিয়া, পানধোৱা চাউদাং ৱাৰ্ডৰ মেম্বাৰ লুনা ডেকাবৰুৱা, বিজেপিৰ নেতা বিনয় সোনোৱাল, জিন্তু হাজৰীকা, মৃদু সোনোৱাল, হেমা ফুকন, সহ: নেতাকৰ্মী তথা স্থানীয় ৰাইজ উপস্থিত আছিল।

উল্লেখ্য যে, চেক প্ৰদান কৰি বিধায়ক গৰাকীয়ে পৰিয়ালটিৰ পৰিবাৰ তথা অন্যান্য সদস্যসকলক চৰকাৰী হিতাধিকাৰী আঁচনিত অন্তভুক্ত ব্যৱস্থাৰ আস্বাস প্ৰদান কৰে ।

Also Read: বিশ্ব ধৰিত্ৰী দিৱস : বগীবিলৰ কাৰেং চাপৰিত ১ লাখ বৃক্ষ ৰোপন...

tengakhat GOVT OF ASSAM