বিশ্ব ধৰিত্ৰী দিৱস : বগীবিলৰ কাৰেং চাপৰিত ১ লাখ বৃক্ষ ৰোপন...

টিএমপিকেৰ উদ্যোগত আৰু এমএমকে, টিএমএমকেৰ যৌথ সহযোগত বগীবিল উত্তৰ পাৰৰ কাৰেং চাপৰিৰ পাৰত বৃক্ষ ৰোপন

author-image
Asomiya Pratidin
New Update
বিশ্ব ধৰিত্ৰী দিৱস : বগীবিলৰ কাৰেং চাপৰিত ১ লাখ বৃক্ষ ৰোপন...

ডিজিটেল সংবাদ, চিলাপথাৰ : অসমৰ সৰ্ববৃহৎ মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন টিএমপিকেৰ উদ্যোগত আৰু এমএমকে, টিএমএমকেৰ যৌথ সহযোগত বগীবিল উত্তৰ পাৰৰ কাৰেং চাপৰিৰ পাৰত শণিবাৰে অনুষ্ঠিত হয় বিশ্ব ধৰিত্ৰী দিৱস ৷

Advertisment

দিৱসটিৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আঞ্চলিক, জিলা আৰু কেন্দ্ৰীয় সমিতিৰ দহ সহস্ৰাধিক নেতা কৰ্মীয়ে ১ লাখৰো অধিক মূল্যবান গছৰ পুলি ৰোপণ কৰে ৷ দাঁতিকাষৰীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও এই অনুষ্ঠান অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, কাৰ্যসূচীত পদ্মশ্ৰী বঁটা প্ৰাপ্ত অৰণ্য মানৱ যাদৱ পায়েং, স্থানীয় সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভুৱন পেগু, মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মিচিং আগম কেবাঙৰ সভাপতি গোবিন টাইদ, মিচিং দৃৰবৃ কেবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে আদি বহু বিশিষ্ট লোক উপস্থিত থাকি ধৰিত্ৰী দিৱসৰ ওপৰত মন্তব্য আগবঢ়ায় ৷

Also Read: বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...

Takam Mising Porin Kebang mising tribes mising student union Silapather