টেঙাখাটত তীব্ৰ প্ৰতিবাদঃ ৪ ঘণ্টা ধৰি চকলি পথাৰ অইল খাদ বন্ধ কৰিলে স্থানীয়ই

টেঙাখাটত তীব্ৰ প্ৰতিবাদঃ ৪ ঘণ্টা ধৰি চকলি পথাৰ অইল খাদ বন্ধ কৰিলে স্থানীয়ই

ডিজিটেল সংবাদ, টেঙাখাতঃ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চকলিপথাৰস্থিত "এইচ এক্স এল-৫ নং" অইল খাদত নতুনকৈ ড্ৰিলিং আৰম্ভ কৰা কামৰ তদাৰকৰ দায়িত্ব এম আৰ ডি নামৰ অনভিজ্ঞ প্ৰতিষ্ঠানক গতাই দি অঞ্চলটোলৈ চৰম ভাবুকি কঢ়িয়াই অনা কাৰ্যৰ বিৰুধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও সংগঠনে। স্থানীয় নিবনুৱাক সংস্থাপন ব্যৱস্থাৰ লগতে সামাজিক দায়বদ্ধতা আঁচনিত স্থানীয় বাট-পথকে ধৰি অঞ্চলটোৰ উন্নয়নমূলক কাম কৰিবলৈ দাবী জনাই সোমবাৰে ডিব্ৰুগড় জিলা বীৰ লাচিত সেনা, অসম ডিব্ৰুগড় জিলা সমিতি, প্ৰগতি সংঘ ও পুথিভঁৰাল, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ সোনোৱাল কছাৰী যুৱ মঞ্চ আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত তথা স্থানীয় মহিলাসহ বহু ৰাইজৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

পুৱা প্ৰায় ১১-৩০ বজাত প্ৰতিবাদী বেনাৰ লৈ উল্লেখিত সংগঠনৰ প্ৰতিনিধি তথা ৰাইজে ধৰ্ণা দি উক্ত খাদৰ গেটৰ প্ৰহৰিৰ বাধাকো নেওচি গেট থেলি খাদৰ ভিতৰত প্ৰৱেশ কৰি কাম-কাজ বন্ধ কৰিবলৈ বাধ্য কৰায় । প্ৰতিবাদথলীত টেঙাখাত ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল দাসে বুজনি দিয়াৰ স্বত্বেও বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ নেতা উৎপল দত্ত ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰিণ্টু দত্ত মুখ্য সচিব প্ৰাণজিত গগৈ আদি নেতাই যুক্তি-তৰ্ক কৰি প্ৰতিবাদ অব্যাহত ৰাখে ।

প্ৰায় ৪ ঘণ্টাৰ পিছত কুইপ্ৰ অইল এণ্ড গেছ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ দুই বিষয়া প্ৰতিনিধি খাদৰ প্ৰতিবাদথলীত উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলে যুক্তি তৰ্কৰে এক আলোচনাত মিলিত হোৱাত তথা দাবীসমূহ মানি লোৱাৰ মৌখিক প্ৰতিশ্ৰুতি দিয়াত ক্ষান্ত হয়। উল্লেখ্য যে, বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি হিৰণ্য ফুকন সাংগঠনিক সচিব ৰিণ্টু দত্ত মুখ্য সচিব প্ৰাণজিৎ গগৈ স্বাক্ষৰিত স্মাৰক পত্ৰ আৰু স্থানীয় প্ৰগতি সংঘ ও পুথিভঁৰালৰ সভাপতি কমল সোনোৱাল আৰু সম্পাদক সমীৰণ সোনোৱালৰ স্বাক্ষৰিত একোখনকৈ স্মাৰক পত্ৰ কুইপ্ৰৰ প্ৰতিনিধি আৰু টেঙাখাত ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰি কাৰ্যসূচী সমাপ্ত কৰে।

টেঙাখাটত তীব্ৰ প্ৰতিবাদঃ ৪ ঘণ্টা ধৰি চকলি পথাৰ অইল খাদ বন্ধ কৰিলে স্থানীয়ই
টীম ইণ্ডিয়াৰ প্ৰাক্তন মেনেজাৰ-বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক সহজানন্দ ওজা আৰু নাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in