টেঙাখাতত তিনি ছাগলী চোৰ গ্ৰেপ্তাৰ

টেঙাখাতত তিনি ছাগলী চোৰ গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, টেঙাখাতঃ টেঙাখাত আৰক্ষী থানাই বিশেষ সূত্ৰৰ পমখেদি সোমবাৰে দিনৰ প্ৰায় ১২-৩০বজাত এ এচ-০৪-কে-৯৩৭২ নম্বৰৰ এখন হুণ্ডা যাত্ৰীবাহী গাড়ী আটক কৰে। ছাগলী চুৰি কৰি দুলিয়াজান দিশৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাতে টেঙাখাত টাউনত হাটে লোটে ৩ টা চোৰ সহ উল্লেখিত বাহনত চুৰি কৰি অনা ৭টা ছগলী তথা বাহনখন জব্দ কৰিবলৈ সক্ষম হয় টেঙাখাত আৰক্ষী ।

ইতিমধ্যে চোৰকেইটা ডিব্ৰুগড়ৰৰ আমোলাপট্টীৰ ইউচুফ আলি (২৯) গুড্ডু কৰ্মকাৰ (২৮) আৰু নালিয়াপুলৰ দ্বীপৰাজ দাস(২৬ ) বুলি তথ্য় পোহৰলৈ আহিছে । টেঙাখাত থানাত নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰি তেওঁলোকক কাৰাগাৰালৈ প্ৰেৰণ কৰা বুলি টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুৰাজ দাসে অৱগত কৰিছে । উল্লেখ্য যে , উল্লেখিত চুৰি ৭টা ছাগলীৰ মাজত সেন্দুৰ দি পূজা কৰি মেলি দিয়া প্ৰকাণ্ড বগা ৰঙৰ এটা দীঘল নোমেৰে পৰিপূৰ্ণ ভবৰা ছাগলীও পৰিলক্ষিত হয় ।

টেঙাখাতত তিনি ছাগলী চোৰ গ্ৰেপ্তাৰ
জীৱ-জন্তুক খাদ্য দিয়া ভাল কথা, কিন্তু ইয়ে খাদ্য বিচৰা ক্ষমতা নোহোৱা কৰিছেঃ দিল্লী উচ্চ ন্যায়ালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in