টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু...

টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ও টেঙাখাতবাসী ৰাইজৰ সহযোগত টেঙাখাত উ:মা: বিদ্যালয়ৰ খেলপথাৰত মুকলি বিহু অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু...

ডিজিটেল সংবাদ, টেঙাখাত : টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত শুকুৰবাৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুকলি বিহু অনুষ্ঠিত কৰা হয়। পুৱা টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াই পতাকা উত্তোলন আৰু সম্পাদক প্ৰকাশ শইকীয়াই শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰাৰ পৰৱৰ্তী সময়ত দুলিয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত ফুকন আৰু টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ একলব্য সোনোৱালে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে।

Advertisment

আনহাতে সন্ধিয়া ক আৰু খ দুটা শাখাত বিহুনাচ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছতে তৰাজান আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কোঁৱৰে বিহুৰ বাকৰি মুকলি কৰাৰ লগে লগে প্ৰতিকুল বতৰৰ হেতু মুকলি ঠাইত বৰষুণ তিতি আমন্ত্ৰিত সাংস্কৃতিক দল ক্ৰমে- টেঙাখাত ন-কুঁহি হুচৰি দল, ডিব্ৰুগড় লগ বিহু দল, কপহুৱা জেংবিহু দল আদিয়ে অনুষ্ঠান পৰিৱেশন কৰে ।

আছু'ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিল গগৈ, ডিব্ৰুগড় জিলাৰ উপ-সভাপতি কনক গগৈ ভাদৈ শাখাৰ সভাপতি কল্যাণ গগৈ সহ: একাংশ সাংবাদিক দল সংগঠনৰ নেতাকৰ্মী অনুষ্ঠানত উপস্থিত থাকে। নিশা প্ৰতিকুল বতৰকো নেওচি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠানত বহু সংখ্যক দৰ্শক উপস্থিত থাকি অনুষ্ঠান উপভোগ কৰে ।

Also Read: বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...

tengakhat bihu