নগাঁৱতো লোককল্যাণ দিৱসঃ আয়ুক্ত কাৰ্যালয়ৰ ২ কৰ্মচাৰীক লোকসেৱাৰ পুৰস্কাৰ

নগাঁৱৰ লোককল্যাণ দিৱসত উপস্থিত পৰিমল শুক্লবৈদ্য। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰীক লোকসেৱাৰ পুৰস্কাৰ প্ৰদান...

author-image
Asomiya Pratidin
New Update
নগাঁৱতো লোককল্যাণ দিৱসঃ আয়ুক্ত কাৰ্যালয়ৰ ২ কৰ্মচাৰীক লোকসেৱাৰ পুৰস্কাৰ

ডিজিটেল সংবাদ, নগাঁওঃ শনিবাৰে ৰাজ্যজুৰি পালন কৰা হয় ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৩ সংখ্যক মৃত্যু দিৱস। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ মৃত্যু তিথিত ৰাজ্য চৰকাৰে প্ৰতিবছৰে লোককল্যাণ দিৱস হিচাপে পালন কৰি আহিছে।

Advertisment

নগাঁৱতো আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত কৰা লোককল্যাণ দিৱসত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছত আদৰণি ভাষণ ৰাখে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে। অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ শিক্ষা জীৱনৰ পৰা ৰাজনৈতিক জীৱনকালক সোঁৱৰণ কৰি মহান ব্যক্তিজনৰ কৰ্মৰাজিৰে সকলো কৰ্মচাৰীকে উদ্বুদ্ধ হ'বলৈ আহ্বান জনায় পৰিবহণ, মীন পালন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

উক্ত অনুষ্ঠানতেই জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক দ্বিবন জ্যোতি বৰুৱা আৰু জাৰিকাৰক নিৰোদ চন্দ্ৰ ডেকাক প্ৰদান কৰা হয় লোকসেৱা পুৰস্কাৰ। লোকসেৱা পুৰস্কাৰ লাভ কৰা দুয়োগৰাকী কৰ্মচাৰীকে সম্বৰ্ধনা জ্ঞাপন কৰি অনাগত দিনত অধিক নিষ্ঠাৰে কৰ্ম জীৱন আগবঢ়ায়ই নিবলৈ উপদেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

Also Read: আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উপলক্ষে অসম লেখিকা সমাজৰ বিশেষ অনুষ্ঠান

GOVT OF ASSAM