/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8da3f3dc-acc2-4400-b4a6-5cfb5d212cc7/sabua_24.jpg)
চাবুৱাত শ্ৰেণী কোঠা এৰি প্ৰতিবাদত নামিল শিক্ষক...
ডিজিটেল ডেস্কঃ দৰমহা নোপোৱাৰ বাবে শিক্ষকে সাব্যস্ত কৰিলে প্ৰতিবাদ। চাবুৱাৰ পানীতোলা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষকসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ।
জানিব পৰা মতে শিক্ষকসকলে জানুৱাৰী মাহৰ দৰমহা নোপোৱাৰ বাবেই শ্ৰেণীকোঠা এৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। ইফালে কাৰ্যালয় সহায়ক মাইকেল ডাংক নিলম্বন কৰা হৈছে।
শিক্ষকসকলৰ দাবী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক বিত্তীয় ক্ষমতা প্ৰদান কৰি দৰমহা মুকলাই দিয়ক। শিক্ষকসকলৰ অভিযোগ কাৰ্যালয় সহায়কৰ বাবেই এই পৰিবেশৰ সূচনা হৈছে।
Also Read: বন্য হস্তীৰ তাণ্ডৱ! ভাঙি পেলালে দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ