ডিগবৈত শিক্ষা বিভাগৰ উদ্যোগত প্ৰথম বাৰ্ষিক "হেকাথন" প্ৰকল্পৰ প্ৰতিযোগীতা অনুষ্ঠিত...

বুধবাৰে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ডিগবৈ মণ্ডলৰ অন্তৰ্গত ৬ খন বিদ্যালয়ৰ মাজত শিক্ষা বিভাগে প্ৰথম বাৰৰ বাবে হেকাথনৰ অন্তৰ্গত বিদ্যালয়সমূহৰ প্ৰকল্প উপস্থাপনৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
ডিগবৈত শিক্ষা বিভাগৰ উদ্যোগত প্ৰথম বাৰ্ষিক "হেকাথন" প্ৰকল্পৰ প্ৰতিযোগীতা অনুষ্ঠিত...

"হেকাথনৰ" প্ৰকল্প প্ৰতিযোগীতা

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ বুধবাৰে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ডিগবৈ মণ্ডলৰ উচ্চ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি ৬ খন বিদ্যালয়ৰ মাজত শিক্ষা বিভাগে প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা হেকাথনৰ অন্তৰ্গত বিদ্যালয়সমূহৰ প্ৰকল্প উপস্থাপনৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাখনি ডিগবৈৰ বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন হয়।

publive-image
"হেকাথনৰ" প্ৰকল্পৰ প্ৰতিযোগীতা

প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে ডিগবৈৰ সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী মেৰিন বেগম আৰু মাৰ্ঘেৰিটা প্লাবিক হায়াৰ চেকেণ্ডৰীৰ শিক্ষক জিতেন বৰগোঁহাই । ডিগবৈ মণ্ডলৰ সমন্বয়িকা পল্লৱী গগৈ, বিবেকানন্দ বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী হাজৰিকা আৰু ঋতুৰাজ বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে জিলা আঁচনি বিষয়া ত্ৰিদিপ শৰ্মা তামুলী, খণ্ড সমল ব্যক্তি চিন্তু বৰুৱা, ৬ খন বিদ্যালয়ৰ পৰা অহা নডেল শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল আৰু জিলা খন পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন গণ্য-মান্য ব্যক্তিসকল।

publive-image
"হেকাথনৰ" প্ৰকল্প প্ৰতিযোগীতা

প্ৰতিযোগিতাখনিত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰকল্প উপস্থাপনে সকলোকে যথেষ্ট আকৰ্ষিত কৰে। লগতে অনাগত সময়ত এনে পদক্ষেপে উঠি অহা প্ৰজন্মক বিদ্যালয়ত সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানত যথেষ্ট সহায় কৰিব বুলি শিক্ষা বিষয়া সকলে ভাষণ প্ৰসংগত উল্লেখ কৰে।

প্ৰতিযোগীতাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী
প্ৰতিযোগীতাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী

Also Read: বিধায়কৰ প্ৰতিশ্ৰুতি অসাৰ, এজাক বৰষুণতে বুৰিল কচুৱাৰ ৰাজপথ...

school level competition hackathan project