/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6a500ed8-6216-479f-a6a9-e4d7287725c6/pani.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ ৰহা সমষ্টিৰ কচুৱাত কৃত্ৰিম বান । বুধবাৰে দুপৰীয়া এজাক বৰষুণতে বুৰিল কচুৱাৰ চিকিৎসালয়লৈ যোৱা মূল পথ । উল্লেখ্য যে এজাক বৰষুণ দিলেই কচুৱাৰ পৰা লুটুমাৰী পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলা সংযোগী এই ব্যস্ত পথ চোৱাৰ কচুৱাৰ বজাৰৰ মাজত একাঠু পৰ্যন্ত পানী হোৱাত ব্যাপক সমস্যাত পৰিছে স্থানীয় ৰাইজ ।
বিগত বৰ্ষত ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে এই সমস্যা সমাধানৰ বাবে পাইপ বহুৱাই পানী উলিয়াই নিয়াৰ ব্যৱস্থা কৰিছিল যদিও এটা বছৰ পূৰ্ণ নহওঁতেই সম্পূৰ্ণৰূপে ভেঁকু ভাওনাত পৰিনত বিধায়কৰ প্ৰতিশ্ৰুতি ।
পুনৰ কচুৱাত এজাক বৰষুণতে বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত সমস্যাত পৰিছে স্থানীয় ৰাইজ । আজিও দুপৰীয়া ভাগত অহা এজাক মুষলধাৰ বৰষুণে কচুৱা পথত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত ছাত্ৰ-ছাত্ৰী সকলকে ধৰি চিকিৎসালয়লৈ অহা ৰোগীসকলৰ সমস্যা হৈছে । স্থানীয় ৰাইজে এই সমস্যা সমাধানৰ বাবে চৰকাৰ তথা ৰহা সমষ্টিৰ বিধায়কৰ ওচৰত দাবী"জনাইছে।
Also Read: হেলমেট পিন্ধিহে বাইকত উঠিল কুকুৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us