ডিব্ৰুগড়ত উপস্থিত ৰাজ্যপালঃ নিৰ্মীয়মান ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন...

ডিব্ৰুগড়ত উপস্থিত ৰাজ্যপালঃ নিৰ্মীয়মান ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন...

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ত উপস্থিত ৰাজ্যপালঃ নিৰ্মীয়মান ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন...

ডিব্ৰুগড়ত উপস্থিত ৰাজ্যপালঃ নিৰ্মীয়মান ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন...

ডিজিটেল সংবাদ ডেস্কঃ ডিব্ৰুগড়ত উপস্থিত হৈছেগৈ ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া। ৰাজ্যপালগৰাকীয়ে বিমানৰ জৰিয়তে ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিধায়ত পোনাকণ বৰুৱাৰ সৈতে বহু কেইটা বিষয়ত আলোচনা কৰে।

Advertisment

তাৰ পাছতেই তেওঁ অনুষ্ঠিত হয়গৈ চাবুৱাত। চাবুৱাত নিৰ্মীয়মান শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে অধিকৃত ভূমিও তেওঁ পৰিদৰ্শন কৰে। উল্লেখ্যে যে, পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতেই প্ৰস্তাৱিত ভূমিত আজিও সম্পূৰ্ণ হোৱা নাই ক্ৰীড়া বিশ্ববিদ্যালয়খন ।

মুঠ ২০০ বিঘা ভূমিৰ ৪ বিঘা ভূমি এতিয়াও বিবদমান হৈ আছে। আনহাতে বিশ্ববিদ্যালয়খনৰ চৌহদ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰে ইতিমধ্যে সেই কাম ত্যাগ কৰিছে । নিৰ্মাণত বিলম্ব হোৱা ক্ৰীড়া বিশ্ব বিদ্যালয়খনৰ নমুনা পৰীক্ষা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক নমুনা সংশোধনৰ পৰামৰ্শ আগবঢ়াই ৰাজ্যপাল গৰাকীয়ে।

Also Read: চাপৰত একে গাঁৱৰে ৩ শিশু নিৰুদ্দেশঃ সম্ভেদ পালে জনাওক পৰিয়ালক...

গোলাব চান্দ কাটাৰিয়া