/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/450c4590-9f05-4ca3-8f1b-0803269bddc8/dibru.jpg)
প্ৰতিদিন সংবাদ, টেঙাখাতঃ টেঙাখাত আৰক্ষী থানা অধীনৰ ভাজনী গাওঁ নিবাসী তথা টাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি , সাংস্কৃতিক কৰ্মী ৰাজীৱ ফুকন ওৰফে পিতি (৩৮)ৰ শনিবাৰে পুৱা অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । মৃত্যুৰ হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে জিলাখনৰ লগতে টেঙাখাত অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ।
উল্লেখ্য যে, ইহ:সংসাৰত পত্নী একমাত্ৰ কন্যাসহ বহু আত্মীয় স্বজনক এৰি যোৱা ৰাজীৱ ফুকনৰ যোৱা ১৫ মে'ৰ দিনা নিজ গাঁৱতে এক মটৰ দুৰ্ঘটনা হৈ গুৰুতৰ ভাবে আহত হোৱাৰ পিছৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ।
মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি বিয়লি তেওঁৰ মৃতদেহ এখন পুষ্প সজ্জিত বাহনেৰে টাই আহোম ছাত্ৰ সন্থাৰ নেতা কৰ্মীকে ধৰি পৰিয়ালৰ তৎপৰতাত ডিব্ৰুগড়ৰ পৰা ৩০ কিলোমিটাৰ মৌন শোভাযাত্ৰা কৰি আনি টেঙাখাত নগৰৰ বাজ পথেৰে শুভাযাত্ৰা কৰি টেঙাখাত গান্ধী ভৱনৰ সন্মুখত বহু সংখ্যক ব্যক্তি দল সংগঠনৰ নেতা কৰ্মীৰ উপস্থিতিত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ।
টাই আহোম ছাত্ৰ সন্থা, টাই সাহিত্য সভা যুৱ ছাত্ৰ পৰিষদ প্ৰেছ ক্লাৱ আছু সাহিত্য সভা আদি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি মাৰোৱাৰী সমাজ মুছলিম সমাজ আদিৰ প্ৰতিনিধি অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈসহ বহু বিশিষ্ট ব্যক্তিয়ে ৰাজীৱ ফুকনৰ নশ্বৰ দেহত পুষ্প, পুষ্পৰ মালা, ফুলাম গামোছাৰে তথা ধূপ বন্তি জ্বলাই শেষ শ্ৰদ্ধা জনায় । লগতে তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে সমবেত সকলোৱেসমূহীয়াকৈ এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জনায় ।
Also Read: কচুৱাৰ গেৰজাইপাম শিশু বিদ্যা নিকেতনৰ সম্বৰ্ধনা সভা...