সংবাদ কৰ্মীৰ বিৰ্তকিত পষ্টকলৈ উত্তাল নাহৰকটীয়া, প্ৰতিবাদ নামিল ৰাইজ...

এটি বিতৰ্কিত সামাজিক মাধ্যমৰ পষ্টক কেন্দ্ৰ কৰি মঙলবাৰে উত্তাল হৈ পৰে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । নাহৰকটীয়াৰ এগৰাকী বহু বিতৰ্কিত সাংবাদিক বুলন শইকীয়াই নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়পুৰৰ অসম অৰুনাচল সীমান্তৰ অতিকে দুৰ্গম তথা পাহাৰীয়া অঞ্চল নামচাঙত পকীকৰণ হব লগা এটি পথ সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত দিছিল এটি পোষ্ট।
সংবাদ কৰ্মীৰ বিৰ্তকিত পষ্টকলৈ উত্তাল নাহৰকটীয়া, প্ৰতিবাদ নামিল ৰাইজ...
সংবাদ কৰ্মীৰ বিৰ্তকিত পষ্টকলৈ উত্তাল নাহৰকটীয়া, প্ৰতিবাদ নামিল ৰাইজ...

ডিজিটেল সংবাদ, নাহৰকটীয়াঃ এটি বিতৰ্কিত সামাজিক মাধ্যমৰ পষ্টক কেন্দ্ৰ কৰি মঙলবাৰে উত্তাল হৈ পৰে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । নাহৰকটীয়াৰ এগৰাকী বহু বিতৰ্কিত সাংবাদিক বুলন শইকীয়াই নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়পুৰৰ অসম অৰুনাচল সীমান্তৰ অতিকে দুৰ্গম তথা পাহাৰীয়া অঞ্চল নামচাঙত পকীকৰণ হব লগা এটি পথ সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত দিছিল এটি পোষ্ট।

য’ত বিতৰ্কিত সাংবাদিক গৰাকীয়ে উল্লেখ কৰিছিল যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা নামচাং অঞ্চলত পকী পথ হবই নোৱাৰে ৷ লগতে নেছনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ অনুমতি নোলোৱাকৈ এইদৰে পথ পকীকৰণ কৰিব নোৱাৰে । ইয়াৰ পিছতেই নামচাং অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

উল্লেখ্য যে আধুনিক অসমৰ কলিয়াপানী ৰূপে খ্যাত পাণ্ডৱৰ্জিত নামচাং অঞ্চলৰ ৰাইজে পকী পথৰ অভাৱত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে৷ পাহাৰীয়া তথা খলা-বমা জৰাজীৰ্ণ এই পথটিৰ বাবে অঞ্চলটোৰ ৰাইজে বিগত বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে । বাৰিষা যাতায়তৰ অনুপযোগী হৈ পৰা পথটোৰ বাবে বিগত সময়ত সঠিক সময়ত চিকিৎসালয়ত উপস্থিত হব নোৱাৰ ৰোগী আদবাটতে মৃত্যুৰ মুখত পৰিছিল ।

তদুপৰি পথটিৰ দুৰৱস্থাৰ বাবে ১২ কিলমিটাৰ দৈৰ্ঘৰ পথটি অতিক্ৰম কৰিবলৈ চাৰিচকীয়া বাহনত ১৫০ টকা পৰ্যন্ত গড়ীভাড়া আদায় দিব লগাত পৰে অঞ্চলবাসী ৰাইজে । নামচাংবাসীৰ দীৰ্ঘদিনীয়া এই সমস্যা কথা উপলব্ধি কৰি নাহৰকটীয়া বিধায়ক তৰংগ গগৈয়ে পথটি পকীকৰণৰ বাবে অলপতে নামচাঙৰ প্ৰৱেশ পথত আধাৰশিলা স্থাপন কৰিছিল ।

এই পথটিৰ আধাৰশিলাৰ পিছতেই এনে বিতৰ্কিত ফেচবুক পোষ্ট ভাইৰেল হৈ পৰাত এতিয়া জাঙুৰ খাই উঠিছে নামচাং অঞ্চলৰ ৰাইজ।সততে সামাজিক মাধ্যমত নেতিবাচক তথা বিতৰ্কিত পোষ্টৰে চৰ্চাত থাকিব বিচৰা এইগৰাকী বহু বিতৰ্কিত সাংবাদিক বুলন শইকীয়াৰ বাবেই এটি হব লগা পথ নোহোৱাৰ আশংকাত আজি নামচাঙৰ প্ৰায় তিনিশতাধিক ভুক্তভোগী চাহ শ্ৰমিকে নাহৰকটীয়া ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিতৰ্কিত সাংবাদিক বুলন শইকীয়া মুৰ্দবাদ, বুলন শইকীয়া লেই লেই ছেই ছেই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।পিছত প্ৰতিবাদস্থলীত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া উপস্থিত হয় কোনোবাই ফেচবুক পোষ্ট দিলেই পথ নিৰ্মাণ বন্ধ হৈ নাযায় বুলি শ্ৰমিকসকলক বুজনি দিয়াত পৰিস্থিতি শাম কাটে । প্ৰায়ে বিভিন্নজনক সামাজিক মাধ্যমৰে জড়িয়তে বিভিন্ন সময়ত তুচ্ছ জ্ঞান কৰি থকা সৰকা কৰা বিতৰ্কিত সাংবাদিক বুলন শইকীয়াৰ বিৰুদ্ধে এইদৰে চাহ শ্ৰমিক সকল ৰাজপথলৈ উলাই আহি লেই লেই ছেই ছেই কৰা ঘটনাই নাহৰকটীয়াত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে একাংশৰ মাজত হাঁহিৰ খোৰাক জোগাইছে।

সংবাদ কৰ্মীৰ বিৰ্তকিত পষ্টকলৈ উত্তাল নাহৰকটীয়া, প্ৰতিবাদ নামিল ৰাইজ...
মানকাচাৰত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ মাৰাথন অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in