/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/42cd5012-9c98-4ae8-a518-aa140373245d/patrol.jpg)
ডিজিটেল সংবাদ, চাবুৱাঃ তেল দিপুত তেলৰ সলনি ওলাইছে পানী। চাবুৱাৰ ডিকম বাইপাছত পেট্ৰল পাম্পত সংঘটিত হৈছে এনে আজৱ ঘটনা । যাৰ ফলত বাহন এখনৰ পিছত সিখনকৈ বিকল হৈ পৰে।
এই ঘটনা সংগঠিত হৈছে চাবুৱাৰ ডিকম বাইপাছ নয়নাৰ পেট্ৰল ডিপুত । এনে ঘটনাৰ পিছতেই সকলো ৰাইজৰ পেট্ৰল পাম্পটোকলৈ সন্দহ উপজে । ৰাইজে এই সন্দৰ্ভত অভিযোগ উত্থাপিত কৰে ।
ৰাইজৰ এই অভিযোগৰ ভিত্তিতে লাহোৱাল আৰক্ষী লগতে দণ্ডাধীশ তেল ডিপুটোক উপস্থিত হ’য় । পেট্ৰল ডিপুত উপস্থিত হৈ সোমবাৰে নিশা বন্ধ কৰি দিয়ে ডিপুটোত ।
Also Read: গহপুৰত পাঞ্চজন্য বিহু দলৰ উদ্যােগত ঢোলবাদন- বিহুনাচৰ কৰ্মশালা