গহপুৰত পাঞ্চজন্য বিহু দলৰ উদ্যােগত ঢোলবাদন- বিহুনাচৰ কৰ্মশালা

প্ৰাণচঞ্চল হৈছে প্ৰতিগৰাকী ঢুলীয়া নাচনী

author-image
Asomiya Pratidin
New Update
গহপুৰত পাঞ্চজন্য বিহু দলৰ উদ্যােগত ঢোলবাদন- বিহুনাচৰ কৰ্মশালা

ডিজিটেল সংবাদ,গহপুৰঃ বাপতি সাহোন ব'হাগ বিহুলৈ মাজত মাথোঁ কেইটিমান দিন। বিহু অহাৰ আগজাননী পাই অসমৰ চুকে-কোণে চলিছে নতুনক আদৰাৰ প্ৰস্তুতি।

Advertisment

অসমীয়াৰ পদূলিত হেঁপাহৰ ৰঙালী। কুলি, কেতেকীৰ বিননীয়ে দিছে বসন্ত অহাৰ জাননী। চৌদিশে ঢোলৰ গুম গুমনি। অসমৰ ভিন্ন প্ৰান্তৰ লগতে গহপুৰৰ গোটবজাৰত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা।

ঢুলীয়াৰ ঢোলৰ চেৱত ককাঁল ঘূৰাই নাচিছে শ শ নাচনীয়ে। পাঞ্চজন্য বিহু দলৰ উদ্যােগত অনুষ্ঠিত হৈছে ১৫দিনীয়া ঢোলবাদন, বিহুনাচৰ কৰ্মশালা। ঢোল, পেঁপাৰ‌ শব্দত ৰজনজনাই উঠিছে গহপুৰৰ চৌদিশ, প্ৰাণচঞ্চল হৈছে প্ৰতিগৰাকী ঢুলীয়া নাচনী।

Also Read: তিনি বছৰীয়া কন্যাসহ মাতৃ নিৰুদ্দেশ : সন্ধান পালে যোগাযোগ কৰক আৰক্ষীৰে

Bohag Bihu