চাহ শ্ৰমিকৰ দুৰ্দশাঃ নাই লেট্ৰিন, বাসগৃহও ভাঙিল ! নাই প্ৰাপ্য মজুৰি আৰু বকেয়া...
চাহ শ্ৰমিকৰ দুৰ্দশাঃ নাই লেট্ৰিন, বাসগৃহও ভাঙিল ! নাই প্ৰাপ্য মজুৰি আৰু বকেয়া...

চাহ শ্ৰমিকৰ দুৰ্দশাঃ নাই লেট্ৰিন, বাসগৃহও ভাঙিল ! নাই প্ৰাপ্য মজুৰি আৰু বকেয়া...

ডিজিটেল সংবাদ নুমলীগড়: সোমবাৰে পুৱাই কৰ্মস্থলীল যোৱাৰ পূৰ্বে এক ঘণ্টিয়া প্ৰতিবাদ সাব্যস্ত কৰিলে গোলাঘাট জিলাৰ মোৰফুলনীত অসম চাহ বাগিচাৰ কৰ্মচাৰীসকলে। অসম চাহ মজুদুৰ সংঘৰ উদ্যোগত সাব্যস্ত কৰা এই তীব্ৰ প্ৰতিবাদৰ মাজতেই তেওঁলোকৰ সমস্যা শীঘ্ৰে সমাধান নকৰিলে আগন্তক সময়ত অধিক তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে।

উল্লেখ্য যে, মুৰফুলনী চাহ বাগিচাৰ শ্ৰমিকসকল নানান সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা বুলি আজিৰ এই প্ৰতিবাদৰ সময়ত উল্লেখ কৰে। চাহ শ্ৰমিকসকলৰ বাসগৃহসমূহ ধ্বংস হৈ গৈছে যদিও কোম্পানীয়ে পুনৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

সেয়ে তেওঁলোকে এই বাসগৃহসমূহ শীঘ্ৰেই মেৰামতিৰ দাবী উত্থাপন কৰিছে। আনহাতে বহু মহিলা শ্ৰমিকে এতিয়াও লেট্ৰিনৰ অভাৱত চাহ বাগিচাৰ মাজতেই মল ত্যাগ কৰিবলগীয়া হোৱা বুলিও জানিবলৈ দিছে।

যিসময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যত হাজাৰ হাজাৰ বাসগৃহ দৰিদ্ৰলৈ আৱণ্টিত হোৱা বুলি দাবী কৰা হৈছে, স্বচ্ছ ভাৰত অভিযানৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে সেই সময়ত এইদৰে বাগিচাৰ মাজত মহিলাকই মল ত্যাগ কৰিবলগীয়া হোৱা বিষয়টোৱে উন্নয়নৰ ফোপোলা স্বৰূপটোকেই উদঙাই দিছে।

ইফালে এই প্ৰতিবাদৰ আন আন দাবীসমূহৰ ভিতৰত আছে বহু শ্ৰিমিকে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ পদসমূহ খালী হৈ আছে। সেয়েহে এই পদসমূহ শীঘ্ৰেই পুৰণ কৰা।

বকেয়া ধন আদায় দিয়াৰ লগতে দীৰ্ঘদিনে কাম কৰি অহা শ্ৰমিকক মৰ্যদাসহকাৰে পদোন্নতি দিয়া। প্ৰায় ৩ বছৰ পূৰ্বেই চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টা নিৰ্ধাৰণ কৰা হৈছিল যদিও আজিও শ্ৰমিকসকলে সেই ধন লাভ কৰা নাই।

শ্ৰমিকসকলৰ প্ৰাপ্য খৰিৰ পইচা আজিও লাভ কৰা নাই। একেদৰে উপ-কৰ্মচাৰীসকলে লাভ কৰিবলগীয়া এৰিয়াৰ ধনো লাভ কৰা নাই। সেয়েহে শীঘ্ৰেই এইসমূহ প্ৰাপ্য আদায় দিবলৈ চাহ শ্ৰমিকসকলে দাবী উত্থাপন কৰিছে। অন্যথা অধিক জংগী আন্দোলন সাব্যস্ত কৰিবলৈ চাহ শ্ৰমিকসকল বাধ্য হৈ পৰিব বুলি জনাইছে।

চাহ শ্ৰমিকৰ দুৰ্দশাঃ নাই লেট্ৰিন, বাসগৃহও ভাঙিল ! নাই প্ৰাপ্য মজুৰি আৰু বকেয়া...
প্ৰধানমন্ত্ৰী মোডীৰ বাসভৱনৰ ওপৰত ড্ৰোণঃ নিৰাপত্তালৈ ভাবুকি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in