১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এপিএলৰ ৫০০ টিপিডি মিথানল প্ৰকল্প

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এপিএলৰ ৫০০ টিপিডি মিথানল প্ৰকল্প

author-image
Asomiya Pratidin
New Update
১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এপিএলৰ ৫০০ টিপিডি মিথানল প্ৰকল্প

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এপিএলৰ ৫০০ টিপিডি মিথানল প্ৰকল্প

ডিজিটেল সংবাদ নামৰূপঃ অহা ১৪ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব অসম পেট্ৰ’কেমিকেলছ লিমিটেড (এপিএল)ৰ  নতুন কৈ নিৰ্মাণ কৰি উলিওৱা ৫০০ টিপিডি মিথানল প্ৰকল্প। জানিব পৰা মতে, ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণলৈ আহি গুৱাহাটীৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি তাৰ পৰাই ভাৰ্চুৱেলি উদ্যোগটো উদ্বোধন কৰিব।

Advertisment

ইয়াৰ পিছতে এপিএলে বজাৰ সম্প্ৰসাৰণ কৰি  বাংলাদেশ, ভূটান আৰু নেপাললৈ মিথানল ৰপ্তানি কৰিব। অৱশ্যে চুক্তি স্বাক্ষৰ কৰাৰ পিছতহে ৰপ্তানি  মিথানলৰ পৰিমাণ নিৰ্ণয় কৰিব পৰা যাবা বুলি সূত্ৰত প্ৰকাশ ।

উল্লেখযোগ্য যে বাংলাদেশৰ পৰা মিথানলৰ বাবে পৰ্যাপ্ত ৰিকুইজিচন পাইছে এ পি এলে। প্রাকৃতিক গেছক ফিডষ্টক হিচাপে ব্যৱহাৰ কৰি মিথানল প্লাণ্ট স্থাপন কৰা দেশৰ প্রথমটো উদ্যোগ নামৰূপস্থিত এ পি এলত অসম চৰকাৰৰ ৫১% শ্বেয়াৰ আৰু অইল ইণ্ডিয়া লিমিটেড (অইল)ৰ ৪৯% শ্বেয়াৰ থকা অসম চৰকাৰৰ এটা লাভজনক উদ্যোগ৷

১৯৭১ চনৰ এপ্ৰিল মাহত নিগমিত কৰা এ পি এলত বৰ্তমান ১০০ টিপিডি মিথানল আৰু ১২৫ টা টিপিডি ফৰ্মেলিন প্লাণ্ট সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে। এপিএলে ২০১৭ চনৰ ৩ অক্টোবৰত নামৰূপত ৫০০ টিপিডি মিথানল প্লাণ্ট আৰু বঙাইগাঁও জিলাৰ বইটামাৰীত ২০০ টিপিডি ফৰ্মেলিন প্লাণ্ট স্থাপনৰ বাবে ১৭০৯ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে সম্প্ৰসাৰণ কাৰ্যসূচী আৰম্ভ কৰে।

অইল ইণ্ডিয়া লিমিটেডে অসমৰ গেছ ক্ষেত্ৰৰ পৰা যোগান ধৰা আৰু আছাম গেছ কোম্পানী লিমিটেডয়ে পৰিবহণ কৰা লিন প্ৰাকৃতিক গেছৰে মিথানল উৎপাদনৰ বাবে নামৰূপত ৫০০ টিপিডি মিথানল প্লাণ্টটো সফলতাৰে স্থাপন কৰা হৈছে। এই ক্ষেত্ৰত এ পি এলৰ অধ্যক্ষ বিকুল ডেকাই কয়, ‘২০০ টিপিডি ফৰ্মেলিন প্ৰকল্প চলিত বৰ্ষৰ নৱেম্বৰ মাহত কমিছনিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

ডেকাই কয়,  ৫০০ টিপিডি মিথানল আৰু ২০০ টিপিডি ফৰ্মেলডিহাইড  সম্প্ৰসাৰণ প্ৰকল্প প্ৰায় সম্পূৰ্ণ হৈছে আৰু অসমে অতি সোনকালে বাংলাদেশলৈ এই ৰাসায়নিক সামগ্ৰী ৰপ্তানি কৰিব পাৰিব।’ তেওঁ কয় যে ,মেঘালয়ৰ ডাউকি হৈ বাংলাদেশৰ চিলেট জিলালৈ পথৰ জৰিয়তে মিথানল ৰপ্তানিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। 

পৰবৰ্তী পয্যায়ত জল পৰিবহণৰ ব্যৱহাৰ কৰি বাংলাদেশলৈ সামগ্ৰী ৰপ্তানি কৰা হ'ব। ইতিমধ্যে বাংলাদেশৰ ৰাসায়নিক আমদানিকাৰক গোট আৰু এ পি এলৰ বিষয়াসকলক লৈ গঠিত এটা যৌথ গোটে এক সম্ভাৱ্যতাৰ অধ্যয়ন চলাইছে। প্ৰথম অৱস্থাত বিষয়াসকলে দুয়োখন দেশৰ বাবে গ্ৰহণযোগ্য স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰৰ দ্বাৰা ৰাসায়নিক সামগ্ৰীৰ প্ৰমাণীকৰণৰ বাবে জি টু জি (চৰকাৰৰ পৰা চৰকাৰলৈ) হস্তক্ষেপ কৰিবলৈ সন্মত হয়। 

যথা সময়ত দুয়োখন দেশৰ মাজত ৰাসায়নিক ৰপ্তানি প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে লেব পৰীক্ষণ সুবিধা স্থাপনৰ বাবেও সন্মতি প্ৰকাশ কৰে। বাংলাদেশৰ বাহিৰেও এপি এলে পয্যায়ক্ৰমে ভূটান আৰু নেপাললৈও মিথানল ৰপ্তানি আৰম্ভ কৰিম বুলি অধ্যক্ষ ডেকাই জানিবলৈ দিয়ে ।

Also Read: গা লৰিল বন বিষয়াৰঃ প্ৰায় ৫০ লক্ষাধিক টকাৰ খইৰ গছৰ কুন্দা উদ্ধাৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নামৰূপ