চিলাপথাৰৰ বিজেপিৰ যুৱনেতা নিলকান্ত পাৱৰ আকস্মিক মৃত্যু...

চিলাপথাৰৰ বিজেপিৰ যুৱনেতা নিলকান্ত পাৱৰ আকস্মিক মৃত্যু...

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ মেচাকি টঙানি নিবাসী বিশিষ্ট সমাজকৰ্মী নীলকান্ত পাৱৰ (৪০) আকস্মিক মৃত্যুৰ ঘটনাই স্তম্ভিত কৰি তুলিছে অঞ্চলবাসীক। ঘটনাৰ প্ৰাপ্ত বিৱৰণী মতে কিছুদিনৰ পৰা গুৱাহাটীত থকা যুৱকজনে যোৱা ২জুনৰ পুৱা প্ৰায় ৪ বজাত প্ৰাত:ভ্ৰমণলৈ বুলি গৈ হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

মূৰ ঘুৰাই পথৰ কাষত বাগৰি পৰা স্থানতে প্ৰায় দুঘণ্টা সময় অসহায়ভাৱে পৰি ৰয় যুৱজন। ইয়াৰ পিছতে মহানগৰ আৰক্ষীৰ তৎপৰতাত যুৱকজনক উদ্ধাৰ কৰি জি এম চি'ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

লক্ষনীয় দীৰ্ঘদিনৰ পৰাই বি জে পি দলৰ এজন সক্ৰিয় কৰ্যকৰ্তা হিচাপে নিষ্ঠাসহকাৰে কাৰ্যনিৰ্বাহ কৰা যুৱকজনে মৃত্যু পৰ্যন্ত বিজেপি'ৰ শক্তি কেন্দ্ৰৰ চিচি টঙানি মণ্ডলৰ প্ৰমুখ হিচাপে সেৱা আগবডঢ়াই আহিছিল। মৃত্যুৰ সময়ত পত্নী আৰু তিনি সন্তানৰ লগতে বহু আত্মীয় স্বজনক ইহলোকত এৰি থৈ যোৱা যুৱকজনৰ আকাল মৃত্যুত চিচি টঙানি মণ্ডল বিজেপিৰ হৈ সভাপতি নৰেন দলেই গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদগতিৰ কামনা কৰিছে।

চিলাপথাৰৰ বিজেপিৰ যুৱনেতা নিলকান্ত পাৱৰ আকস্মিক মৃত্যু...
উজনি-নামনি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি শলঠেকত বিধায়ক মৃণাল শইকীয়াঃ শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী দল-সংগঠনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in