/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0865da2d-a726-41e6-931c-b4a211fc0f6e/AP_FOR_WEB_manipur.jpg)
মণিপুৰক পুনৰ অগ্নিগৰ্ভা কৰাৰ চেষ্টা প্ৰাক্তন বিজেপি বিধায়কৰ ! অস্ত্ৰসহ ৩ জনক গ্ৰেপ্তাৰ...
ডিজিটেল ডেস্কঃ জনজাতিকৰণক লৈ অগ্নিগৰ্ভা হৈ পৰা মণিপুৰৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও পুনৰ ইম্ফলক উত্তপ্ত কৰি তোলাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ অসাধু ৰাজনৈতিক নেতা। অগ্নিৰ্ভা হৈ পৰা ইম্ফলৰ পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস হ'লেও ইয়াৰ প্ৰভাৱৰ পৰা ৰাজ্যখন এতিয়াও মুক্ত হোৱা নাই।
শেহতীয়াকৈ ইম্ফলত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টিৰ আঁৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন বিজেপি বিধায়কসহ ৩ জন লোকক। মণিপুৰৰ ইম্ফলত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বিজেপি বিধায়কগৰাকীৰ নাম থাং-জালং হাউকিপ। হাউকিপ আছিল মণিপুৰ বিধানসভাৰ উপাধ্যক্ষও।
আনহাতে তেওঁৰ লগত গ্ৰেপ্তাৰ কৰা হৈছে দুই অস্ত্ৰধাৰী সহযোগী ক্ৰমে বিকি চিংচন আৰু জন গাংটেক। আনহাতে প্ৰাক্তন বিজেপি বিধায়কগৰাকীৰ পৰা জব্দ কৰা হৈছে দুটা অনুজ্ঞাপত্ৰ থকা বন্দুক।
তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে এই সংঘৰ্ষত প্ৰত্যক্ষভাৱে জড়িত আৰু উচটনি দিয়াৰ অভিযোগ। এই অভিযোগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে, সোমবাৰে নিউ চেকন অঞ্চলত পুনৰ সংঘটিত হৈছিল এক গোষ্ঠীগত সংঘাত। একাংশ দুৰ্বৃত্তই ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ বাধ্য কৰাৰ অপচেষ্টা কৰাল লগতে কুকি সম্প্ৰদায়ৰ লোকৰ পৰিত্যক্ত ঘৰত জুই লগাই দিয়ে।
ইফালে এই জুই নিৰ্বাপিত কৰিবলৈ যোৱা অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলক সেনা বাহিনীৰ জাট ৰেজিমেণ্টে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেয়ে অগ্নি নিৰ্বাপকবাহিনীয়েও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
উল্লেখ্য চৰকাৰী তথ্য অনুসৰি মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত এই পৰ্যন্ত ৭১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩৫ হাজাৰ লোক গৃহহীন হৈছে। স্মৰ্তব্য, গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বিজেপি বিধায়ক থাং-জালং হাউকিপ ২০১৭ ত হেংলেপ সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হিচাপে মণিপুৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল।
২০২০ ত তেওঁ আন দুজন বিধায়কৰ সৈতে বিজেপি দল ত্যাগ কৰাৰ লগতে বিধানসভাৰ সদস্যপদো ত্যাগ কৰে আৰু কংগ্ৰেছত যোগদান কৰে। অৱশ্যে বিজেপিত যোগদান কৰাৰ পূৰ্বেও তেওঁ কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলি বিধানসভালৈ নিৰ্বাচিত হৈছিল।
১৯৯৮ চনত তেওঁ কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে বিধানসভাৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। ২০২২ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ পুনৰ কংগ্ৰেছ ত্যাগ কৰে আৰু শিৱসেনাত যোগদান কৰে।
#WATCH | Abandoned houses set ablaze by miscreants in New Lambulane area in Imphal in Manipur. Security personnel on the spot. pic.twitter.com/zENI5nuMyM
— ANI (@ANI) May 22, 2023
Also Read: হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে উত্তীৰ্ণ হ'ল মাতৃ-পুত্ৰ...