প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ ন্যায় বিছাৰি ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ...

যোৱা ২৫ এপ্ৰিল তাৰিখে দিন-দুপৰতে মাকুম ৰূপনগৰত এদল উন্মাদ লোকৰ দলবদ্ধ আক্ৰমণত নিহত হোৱা ডিমৰুহোলাৰ প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ উচিত ন্যায় তথা তদন্তৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰে ইয়াৰ মাকুম চহৰ

author-image
Asomiya Pratidin
New Update
প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ ন্যায় বিছাৰি ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ...

ডিজিটেল সংবাদ, তিনিচুকীয়ঃ যোৱা ২৫ এপ্ৰিল তাৰিখে দিন-দুপৰতে মাকুম ৰূপনগৰত এদল উন্মাদ লোকৰ দলবদ্ধ আক্ৰমণত নিহত হোৱা ডিমৰুহোলাৰ প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ উচিত ন্যায় তথা তদন্তৰ দাবীত বৃহস্পতিবাৰে উত্তাল হৈ পৰে ইয়াৰ মাকুম চহৰ ।

Advertisment

মৰাণ জনগোষ্ঠীয় ২৬ বছৰীয়া চফল যুৱকজনক নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদত জনগোষ্ঠীটোৰ কেওটা সংগঠনৰ নেতৃত্বত শ শ পুৰুষ-মহিলাই অৱস্থান কৰেহি মাকুমৰ ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত ।

ফলত ৰাষ্ট্ৰীয় পথদুটাৰে কেইবাঘন্টাধৰি যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে । বন্ধ হৈ পৰে চহৰখনৰ ভালেসংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠান ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ আহ্বানমৰ্মে মাকুম আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক বৈঠকৰ আয়োজন কৰা হয় আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শ শ লোকে মাকুমৰ ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত অৱস্থান কৰে । প্ৰতিবাদী জনতাই প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ উচিত ন্যায় বিছাৰি বিভিন্ন শ্ল'গান দি মাকুমৰ পৰিৱেশ-পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

মাকুম আৰক্ষীৰ গাফিলতিৰ বাবেই দিন-দুপৰতে প্ৰাঞ্জলৰ হত্যাকাণ্ড সম্ভৱ হোৱা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে । লগতে প্ৰাঞ্জন মৰাণৰ হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনোৱাৰ লগতে মাকুম থানাৰ অ’ চিক অনতিবিলম্বে নিলম্বন কৰিবলৈ দাবী জনায় ।

তদুপৰি প্ৰাঞ্জলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈও দাবী উত্থাপন কৰা হয় । প্ৰতিবাদৰ মাজতে ঘটনাস্থলীত মাকুম আৰক্ষীৰ এটা দল উপস্থিত হোৱাত উত্তেজিত প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ দলটোৰে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় ।

পিছলৈ জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আবেলিলৈ সংগঠনকেইটাৰ নেতৃবৃন্দক আলোচনালৈ আমন্ত্ৰণ জনোৱাত পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয় ।

উল্লেখ্য যে ২৫ এপ্ৰিলৰ দিনৰ ভাগত এক বিত্তীয় লেন-দেনক কেন্দ্ৰ কৰি বৃহত্তৰ মাকুম অঞ্চলৰ আঠ জনীয়া এটা দলে মাকুম ৰূপনগৰত ভাতৃ-ভগ্নীৰ সন্মুখতে প্ৰাঞ্জল মৰাণক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল ।

প্ৰায় চাৰি ঘন্টা ধৰি হত্যাকাৰী দলটোৱে ৰূপনগৰৰ প্ৰাঞ্জলৰ জ্যেষ্ঠ ভগ্নীৰ ঘৰৰ সন্মুখত অৱস্থান কৰি থকাৰ পিছতো তথা বিষয়টো মাকুম আৰক্ষীক অৱগত কৰাৰ পিছতো ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত নহ'ল ।

যাৰবাবে একাংশ নৰাধমৰ দলবদ্ধ প্ৰহাৰত অকালতে প্ৰাণ হেৰুৱালে চফল ডেকা প্ৰাঞ্জল মৰাণে । আৰক্ষীয়ে হত্যাকাণ্ডটোত জড়িত থকাৰ অপৰাধত এইপৰ্যন্ত নীতা তাঁতী, সলিল চাওতাল, নৰেণ প্ৰজা, কৈলাশ পানীকা আৰু জিন্টু তাঁতী এই পাঁচটাক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত সঞ্জয় তাঁতীসহ তিনি হত্যাকাৰী বৰ্তমানেও পলাতক হৈ আছে ।

Also Read: কাকপথাৰ ৰাইচ মিলত উদ্ধাৰ বস্তাই বস্তাই ৰাজহুৱা চাউল...

mob lynching pranjal moran murder