নামৰূপত বাঘৰ সন্ত্ৰাস : প্ৰাণ হেৰুৱালে সাত বছৰীয়া শিশুয়ে...

নামৰূপৰ ছট্টিশপুৰ চাহ বাগিচাত বাঘে প্ৰাণ ল'লে এজন সাত বছৰীয়া শিশুৰ...

author-image
Asomiya Pratidin
New Update
নামৰূপত বাঘৰ সন্ত্ৰাস : প্ৰাণ হেৰুৱালে সাত বছৰীয়া শিশুয়ে...

ডিজিটেল সংবাদ, নামৰূপ : বিগত কিছু দিনৰ পৰা নামৰূপৰ বিভিন্ন স্থানত বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। নামৰূপ থানাৰ অন্তৰ্গত ছট্টিশপুৰ চাহ বাগিচাত সোমবাৰে সন্ধ্যা এটি সাত বছৰীয়া শিশুৰ প্ৰাণ ল'লে বাঘে। এই ঘটনাই এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Advertisment

ঘটনা  সন্দৰ্ভত মৃতকৰ পৰিয়ালৰ ভাষ্য মতে, সোমবাৰে বিয়লি প্ৰায় ৪ বজাত ৭ বছৰীয়া শিশু শিৱ কেওটে মোমায়েকৰ লগত ঘাঁহ কাটিবলৈ বুলি ওলাই গৈছিল। দুয়ো নিশা বহু পৰলৈ উভতি নহাত পৰিয়ালৰ লোক সকলে বিচাৰ আৰম্ভ কৰে যদিও দুয়োৰে কোনো সন্ধান নাপায়।

নিশা প্ৰায় দহ বজাত শিশুটিৰ লগত যোৱা মোমায়েকজন অকলে ঘূৰি অহাত পৰিয়ালৰ লোকে  শিশুটিৰ কথা সোধে। মোমায়েক ঘূৰি অহা পলম হোৱাৰ বাবে শিশুটিক সোনকালে ঘৰলৈ পঠিয়াই দিয়ে বুলি মোমায়েকে অবগত কৰাৰ পিছত দহ বজালৈ শিশুটি ঘৰ নোপোৱাত হুৱাদুৱা লাগে ।

লগে লগে পৰিয়ালৰ লোক আৰু চুবুৰীয়া মিলি নিশাই শিশুটিক বিচাৰি যায় আৰু বাগিচাৰ তিনিআলি এটাত শিশুটিক পৰি থকা অৱস্থাত উদ্ধাৰ কৰে । সমান্তৰালভাৱে পথৰ কাষৰ চাহ গছৰ জোপোহাৰ আঁৰত এটা বাঘ প্ৰত্যক্ষ কৰে । শিশুটিৰ ডিঙিত আছিল বাঘৰ আক্ৰমণৰ প্ৰত্যক্ষ চিন ।

এই খবৰৰ পাছতে নিশাই শিশুটিৰ মৃতদেহ নামৰূপ আৰক্ষীয়ে উদ্ধাৰ কৰি নামৰূপ থানালৈ লৈ যায়। আনহাতে নামৰূপৰ পানীচকুৱা বন গাঁৱতো শনিবাৰে দিনৰ প্ৰায় দহ বজাত বাঘে এটি ছাগলীৰ প্ৰাণ লয়। সম্প্ৰতি বাঘৰ সন্ত্ৰাসত আতংকিত হৈছে নামৰূপবাসী।

Also Read: বাংগালুৰুত আজি জিৰ' শ্বেড' ডে : কি এই বিশেষ দিন...

namrup