নামৰূপ সমবায় সমিতিত ব্যাপক অনিয়ম: হেজাৰ কুইণ্টল সুলভ মূল্যৰ চাউল অন্তৰ্ধান

নাজিৰা মাদুৰি গোহাঁই গাঁৱৰ বাসিন্দা সম্পাদক প্ৰবাল বৰগোহাঁইক গ্ৰেপ্তাৰ...
নামৰূপ সমবায় সমিতিত ব্যাপক অনিয়ম: হেজাৰ কুইণ্টল সুলভ মূল্যৰ চাউল অন্তৰ্ধান

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপ সমবায় সমিতিত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল হৰলুকীৰ ঘটনা। সোমবাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আকস্মিক তালাচীত পোহৰলৈ আহে এই তথ্য। সমগ্র ঘটনা সন্দৰ্ভত নামৰূপ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্ত প্ৰবাল বৰগোহাঁইক (৩৬) গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে জে'লহাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, নামৰূপ, শান্তিপুৰ আৰু ঘিনাই পঞ্চায়তৰ এক বৃহৎ অঞ্চল সামৰি থকা নামৰূপ সমবায় সমিতিয়ে ৩৬জন এজেণ্টক সুলভ মূল্যৰ সামগ্রী যোগান ধৰে। এই যোগান ব্যৱস্থাত বেমেজালি সন্দৰ্ভত বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছিল।   মে' মাহৰ বাবে অহা প্ৰায় ৫০০ কুইণ্টল চাউল ১৬জন এজেন্টে লাভ নকৰাত এজেন্ট আৰু হিতাধিকাৰীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তেনে পৰিপ্ৰেক্ষিতত ১৫ মে', সোমবাৰে পৰিদৰ্শক তথা ক্ষেত্র বিষয়া শান্তনু দাস সমবায়ত উপস্থিত হৈ গুদামত তালাচী চলাই হতবাক হৈ পৰে।

জুন মাহৰ আবণ্টিত সমুদায় ১,০৮২ কুইণ্টল চাউলো অন্তৰ্ধান হোৱাত ৰাইজৰ লগতে এজেন্টে সমূহ হতবাক হৈ পৰে। উল্লেখৰ প্ৰয়োজন যে, সমবায়ৰ সম্পাদক পৱিত্ৰ বৰগোহাঁয়ে দীৰ্ঘদিনে সমবায়ৰ দায়িত্ব লৈ আছিল যদিও তেওঁৰে ভতিজা প্রবাল বৰগোহাঁয়ে শেহতীয়াকৈ সমবায়ৰ দায়িত্ব লৈ আছে বুলি সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু আশ্চৰ্যকৰ বিষয় যে, যোগান বিভাগে জনোৱা অনুসৰি দায়িত্ব হস্তান্তৰিত কৰাৰ বিষয়ে যোগান বিভাগ অৱগত নহয় আৰু কোনো নথি-পত্র বিভাগক দিয়া হোৱা নাই।

পৰিদৰ্শক তথা ক্ষেত্র বিষয়া শান্তনু দাস সমবায়ত উপস্থিত হৈ গুদামত তালাচী চলোৱাৰ সময়ত গুদামত অস্বাস্থ্যকৰ পৰিৱেশত বুজন পৰিমাণৰ খাদ্যৰ অনুপযোগী চাউল উদ্ধাৰ কৰে।এই সমগ্ৰ ঘটনা সন্দৰ্ভত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সুৰক্ষা আইনৰ অধীনত ১৫ মে'ত এক গোচৰ ৰুজু কৰা হয় আৰু তাৰ ভিত্তিতে বৃহস্পতিবাৰে সন্ধ্যা নামৰূপ আৰক্ষীয়ে নাজিৰা মাদুৰি গাঁৱৰ বাসিন্দা প্ৰবাল বৰগোহাঞিক গ্ৰেপ্তাৰ কৰে।

শুকুৰবাৰে নামৰূপ আৰক্ষীয়ে জনোৱা মতে, পৱিত্ৰ বৰগোহাঁই ওৰফে বিজয় বৰগোঁহাই এতিয়াও পলাতক হৈ আছে। নামৰূপ থানাৰ কেচ নং ৩৮/২৩ ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(B)/৪০৬/৪০৯/৪২০/৩৮০/৩৪ ধাৰাৰ লগতে ১৯৫৫  দা এচেন্সিয়েল ক’ম’ডিটিজ এক্টৰ ৭ নং ধাৰাত প্ৰবাল বৰগোহাঁইক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, এই চাউল যোগান অনিয়ম আৰু কেলেংকাৰিত সমবায়ৰ সম্পাদকৰ লগতে পৰিবহণকাৰীৰ এটা চক্র জড়িত হৈ থকাৰ সন্দেহ কৰিছে।

নামৰূপ সমবায় সমিতিত ব্যাপক অনিয়ম: হেজাৰ কুইণ্টল সুলভ মূল্যৰ চাউল অন্তৰ্ধান
জোনমণি ৰাভাৰ অকাল মৃত্যুত নগাওঁ জিলা কৰ্মচাৰী পৰিষদৰ শোক প্ৰকাশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in