অসম পেট্ৰ' কেমিকেল ও নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত বিশ্ব পৰিৱেশ দিৱস পালন...

"প্ৰকৃতিক শোষণ কৰি নহয়। প্ৰকৃতিকৰ লগত সহ অৱস্থান কৰি জীয়াই থাকক"-বিশ্ব পৰিৱেশ দিৱসত এ পি এলৰ উপাধ্যক্ষ হেমন্ত গগৈৰ আহ্বান...
অসম পেট্ৰ' কেমিকেল ও নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত বিশ্ব পৰিৱেশ দিৱস পালন...

ডিজিটেল সংবাদ, নামৰূপ : সমগ্ৰ বিশ্বৰ লগতে বিশ্ব পৰিৱেশ দিৱসটি আজি নামৰূপৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও পালন কৰে। সমান্তৰালভাবে অসম পেট্ৰ'কেমিকেলচ লিমিটেড আৰু নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পটো বিভিন্ন উৎকৰ্ষ মূলক কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।

অসম পেট্ৰ' কেমিকেলছ লিমিটেডৰ অতিথিশালা প্ৰাংগণত পুৱা ৮.৩০ বজাত বিষয়া কৰ্তৃপক্ষ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পলিথিন বৰ্জন শ্ল'গানক থিম হিচাপে লৈ গছপুলি ৰোপণৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

পুৱা গছপুলি ৰোপণ অনুষ্ঠানত উপস্থিত থাকি এ পি এলৰ উপাধ্যক্ষ হেমন্ত গগৈয়ে বক্তব্যত কয় যে, "বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধিৰ একমাত্ৰ কাৰক মানুহ নিজেই।  মানুহ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ নহয়। প্ৰকৃতিক শোষণ কৰি নহয় প্ৰকৃতিকৰ লগত সহ অৱস্থান কৰি জীয়াই থাকিলেহে প্ৰাণী কুল পৃথিৱীত জীয়াই থাকিব।"

কাৰ্যসূচী মৰ্মে গছপুলি ৰোপণৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত অধ্যক্ষ বিকুল ডেকাকে প্ৰমূখ্য কৰি সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। 

আনহাতে দিনৰ প্ৰায় ১০ বজাত নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ উৎপাদন বিভাগে তাপ বিদ্যুৎ কেন্দ্ৰ হাই স্কুলত পৰিৱেশ দিৱস পালন কৰে। এই উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে এন টি পি এছৰ মহাপ্ৰবন্ধক মহম্মদ জাকিৰ, উপ মহাপ্ৰবন্ধক  কান্তা ৰাম দলে, অনুৰাগ গগৈ, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী উৎপলা দে আদিকে মুখ্য কৰি বিষয়াসকলে বিদ্যালয়ৰ প্ৰাংগণ আৰু পথৰ কাষে কাষে কৃষ্ণ চূড়া, সোণাৰু, বকুল আদি বিভিন্ন গছপুলি ৰোপণ কৰে। ইয়াৰ পিছতে বিদ্যালয় প্ৰেক্ষাগ্ৰহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অৰণ্য মানৱ যাদৱ পায়েঙৰ ওপৰত নিৰ্মিত তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয়। 

অসম পেট্ৰ' কেমিকেল ও নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত বিশ্ব পৰিৱেশ দিৱস পালন...
মাজুলীত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা, সত্ৰত সেৱা গ্ৰহণ কৰি হৈ পৰিল আৱেগিক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in