/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e120bf15-d756-4699-a28b-f007472df831/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপ সাৰ কাৰখানা বচাও আহক শ্লোগানেৰে সোমবাৰে নামৰূপত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এক বিশাল প্ৰতিবাদী সমাবেশ আৰু সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয়। নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত সমবেত সমাবেশত ক্ৰমে ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়নৰ উপদেষ্টা টিলেশ্বৰ বৰা, আছুৰ কেন্দ্ৰীয় সমিতিৰ কার্যনির্বাহক অনিল গগৈ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বুল বুল দত্ত, সাধাৰণ সম্পাদক অৱনী গগৈয়ে বক্তব্য প্ৰদান কৰে।
বক্তব্যত অসমৰ চহা জনতাক কি দৰে কেন্দ্ৰীয় চৰকাৰে সোতৰ বছৰে মিছা, চলাহি কথাৰে আভুৱা ভাৰি আহিছে তাকে তীব্ৰ ভাষাৰে ককৰ্থনা কৰে। নামৰূপ সাৰ কাৰখানাত এতিয়াও সক্ৰিয় হৈ থকা অসম বিৰোধী চক্ৰক উৎখাত কৰিব নোৱাৰিলে কোনো কালে কোনো কাৰণতে নামৰূপ সাৰ কাৰখানা পুনৰুজীৱিত নহয় বুলি বক্তাসকলে প্ৰসংগত উল্লেখ কৰে। আনহাতে চলিত বৰ্ষত বি ভি এফ চি এলে প্ৰদান কৰা ৭০০তকৈ অধিক ডীলাৰ দিয়াক লৈ ধনৰ লেনদেন হোৱা বুলি যি অভিযোগ উত্থাপিত হৈছে ইয়াৰো তদন্ত হ'ব লাগে বুলি আছুৱে দাবী তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fe4c5a8a-5b74-4ea5-a936-370c89c68678/ec058e73_735f_4afc_9258_2cd34c18eaeb.jpg)
আনহাতে ২০২১ চনৰ আগষ্ট মাহত সংঘটিত হোৱা বিভি এফ চি এলৰ ইউৰীয়া কেলেংকাৰী আজি পৰ্যন্ত তদন্ত নোহোৱা বিষয়টোত সন্দেহ প্ৰকাশ কৰি চেণ্ট্ৰেল ভিজিলেন্সক বিষয়টো তদন্ত কৰিবলৈ দাবী জনায়। ইতিমধ্যে সাৰ কাৰখানাৰ তিনিটা গোটৰ ভিতৰত দুটা গোট বন্ধ হ'ল, তৃতীয় গোটটোও প্ৰায়েই কাৰিকৰী বিসংগতিয়ে দেখা দিছে। তেনে প্ৰেক্ষাপটত অতি শীঘ্ৰে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি প্ৰতিবাদকাৰীয়ে মত ব্যক্ত কৰে।
সাৰ কাৰখানাক লৈ ৰাজনীতি নকৰি শীঘ্ৰে চতুৰ্থ গোট স্থাপনৰ দাবী তোলে প্ৰতিবাদী বক্তাসকলে। সমাবেশৰ অন্তত প্ৰতিবাদীসকলৰ সমদল সাৰ উদ্যোগৰ মুখ্য প্ৰৱেশ দ্বাৰৰ পৰা আগবাঢ়ে নামৰূপ চহৰ অভিমুখে। নামৰূপৰ বিভিন্ন সংগঠনে অংশগ্ৰহণ কৰা এই সমদলত প্ৰতিবাদী সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে নামৰূপৰ আকাশ- বতাহ কঁপাই তোলে।