/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4cd58863-b947-4caa-8665-ec1967cf2574/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ সোমবাৰে দেশৰ ৪৭ টা স্থানৰ লগতে শিলচৰতো আয়োজন কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ ৰোজগাৰ মেলা। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নিৰাপত্তা বাহিনীসহ নাৰ্কোটিকছ বিভাগৰ অধীনত প্ৰায় ৫১ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/334f440f-d18f-4c27-b475-954865db9721/WhatsApp_Image_2023_08_28_at_2_00_04_PM__1_.jpeg)
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নিযুক্তি পত্ৰ বিতৰণ তথা ৰ'জগাৰ মেলাৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰাৰ পিছতে দেশৰ ৪৭ স্থানত আয়োজন কৰা ৰ'জগাৰ মেলাত হাজাৰ হাজাৰ চাকৰি প্ৰাৰ্থীৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শিলচৰৰ মাছিমপুৰ বিএছএফৰ মুখ্য কাৰ্যালয়ত এই ৰ'জগাৰ মেলাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bb9f2916-5678-49d8-861e-6e09ddf1d171/WhatsApp_Image_2023_08_28_at_2_00_04_PM__2_.jpeg)
মন্ত্ৰীগৰাকীয়ে বিএছএফ, চিআৰপিএফ আৰু চিআইএছএফত চাকৰি লাভ কৰা মুঠ ২৭৪ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে- প্ৰতি বছৰে ১০ লাখ নিবনুৱাক চাকৰি দিম বুলি প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ অংশ হিচাপে সোমবাৰে দেশৰ এই ৪৭ স্থানত ৰ'জগাৰ মেলাৰ জৰিয়তে বিভিন্ন বিভাগত নিবনুৱাসকলক নিযুক্তি দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c6e2aa6e-3743-44f3-a8f0-d3c41a004020/WhatsApp_Image_2023_08_28_at_2_00_04_PM.jpeg)
Also Read: জেভলিনৰ আঁচোৰেৰে ইতিহাসৰ পাতত নীৰজ