/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/kstu61ya/180.jpg)
ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ৷ এই সহযোগিতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সংৰক্ষণ কৰি ৰখা ১০০০ৰো অধিক বিৰল আৰু প্ৰাচীন পাণ্ডুলিপি সংৰক্ষণ আৰু ডিজিটেলাইজেচনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/5vjy10hh/fc753991-9467-4cd4-8806-317df1440282.jpg)
উল্লেখযোগ্য যে সাঁচিপাতত লিখা এই পাণ্ডুলিপিসমূহ পুৰণি অসমীয়া, সংস্কৃত, তাই ভাষা, বাংলা ভাষাত ৰচনা কৰা। বৈষ্ণৱ ধৰ্ম, বৌদ্ধ ধৰ্ম, অসমৰ প্ৰাচীন ৰীতি-নীতি আদিকে ধৰি বিভিন্ন বিষয় এই পুথিসমূহত সামৰি লোৱা হৈছে। এই সমগ্ৰ সংগ্ৰহ এনে এক জ্ঞানৰ ভঁৰাল, যিয়ে অঞ্চলটোৰ বৈচিত্ৰময় সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যক প্ৰতিফলিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/lifxddha/3f4a9fde-8290-41cd-91b0-b7eef0631f04.jpg)
এই বুজাবুজি চুক্তিৰ অধীনত পাণ্ডুলিপিসমূহ নিখুঁতভাৱে ডিজিটেলাইজ কৰি ৰাজহুৱা ডমেইনত উপলব্ধ কৰা হ’ব, যাৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পণ্ডিত আৰু গৱেষকসকলে এই অমূল্য সম্পদসমূহৰ ওপৰত গৱেষণা কৰাৰ সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। এই পদক্ষেপে বিৰল অসমীয়া পাণ্ডুলিপিসমূহ জনসাধাৰণৰ বাবে সুলভ কৰি তোলাৰ, ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ সুনিশ্চিত কৰাৰ প্ৰথম বৃহৎ পৰিসৰৰ প্ৰচেষ্টা ৰূপে পৰিগণিত হ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/0ft4by8j/d067bd4c-7945-4161-b9f0-98389e4aaac5.jpg)
বিশ্ববিদ্যালয়ৰ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনক প্ৰতিনিধিত্ব কৰি মৃণাল তালুকদাৰে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই সহযোগিতাই অসমৰ চহকী সাহিত্যিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ প্ৰতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাক আলোকপাত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/6n273qev/786d8a4f-5743-45d0-83c6-22da61058f53.jpg)
ড° সোণোৱালে এই প্ৰকল্পৰ প্ৰতি উৎসাহ প্ৰকাশ কৰি কয়, "নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সৈতে এই অংশীদাৰিত্ব অসমৰ বিশাল আৰু বৈচিত্ৰময় ঐতিহ্যক বিশ্ব দৰবাৰৰ বাবে সুলভ কৰি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। এই পদক্ষেপে সকলোকে আৰু অধিক অনুপ্ৰেৰণা যোগাব বুলি আমাৰ আশা।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/k8pkwugm/5bc6310e-90b6-46c1-8875-45a385a27160.jpg)
তালুকদাৰে সহযোগিতাৰ বিষয়ে নিজৰ চিন্তা ব্যক্তি কৰি উল্লেখ কৰে যে, "এই পাণ্ডুলিপিসমূহৰ ডিজিটেলাইজেচন কেৱল সংৰক্ষণৰ বিষয় নহয়, জ্ঞানৰ দুৱাৰ উন্মুক্ত কৰিবৰ বাবে এক পদক্ষেপ। এই যুগান্তকাৰী প্ৰকল্পৰ অংশ হ'বলৈ পাই আমি সন্মানিত অনুভৱ কৰিছোঁ " বুলি ব্যক্ত কৰে।
Also Read: ৮ বছৰৰ অন্তত ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতে দিলে ৰায়,পঢ়ক সবিশেষ...