ডিজিটেল সংবাদ, ধেমাজি : ২০১৬ চনৰ এটা গোচৰ। ২০২৪ত ন্যায় পালে ভুক্তভোগী তথা পৰিয়ালে। ২০১৬ চনৰে পস্কো আইনৰ অধীনত চলা এটা গোচৰৰ বুধবাৰে ৰায়দান দিয়ে ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতে।
জানিব পৰা মতে ২০১৬ চনত এটি ১৪ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলাইছিল ৩ পাষণ্ডই। সেইদিন ধৰি উক্ত গোচৰটো POCSO আইনৰ অধীনত ন্যায়ালয়ত বিচৰাধীন হৈ আছিল। অৱশেষত বুধবাৰে ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে চূড়ান্ত ৰায়দান প্ৰদান কৰে।
উক্ত ঘটনা সংঘটিত কৰাৰ অপৰাধত আচামী বিশ্বজিৎ দলেক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু দহ হেজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে আচামী বিশ্বজিৎ দলেক অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ডৰ আদেশ দিয়ে ন্যায়ালয়ে ৷
আনহাতে একেটা গোচৰতে আন দুজন অপৰাধী ক্ৰমে মাগ্ৰে কুলি ওৰফে দেৱকান্ত আৰু লৱন পেগুক ৫ বছৰকৈ সশ্ৰম কাৰাদণ্ড আৰু ৫ হেজাৰ টকাৰ আৰ্থিক জৰিমনা বিহে ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৬ চনত ১৪ বছৰীয়া শিশুটিয়ে দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত বিশ্বজিৎ দলেয়ে শিশুটিক মুখত সোপা দি যৌন নিৰ্যাতন চলাইছিল। ইয়াৰ পাছত ধৃত দেৱকান্ত আৰু লৱনৰ সহযোগত বিশ্বজিৎ দলেয়ে শিশুটিক নিজৰ ঘৰলৈ নি এমাহ ধৰি লুকুৱাই ৰাখিছিল ৷
ঘটনা সন্দৰ্ভত ভুক্তভোগী শিশুটিৰ পৰিয়ালে দিয়া গোচৰৰ ভিত্তিত চিলাপথাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি পৰৱৰ্তী সময়ত আচামীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ আচামী পক্ষৰ হৈ অধিবক্তা ডেভিদ টায়ে ওকালতি কৰিছিল। ইফালে চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফুকলাই ওকালতি কৰিছিল।