দুলীয়াজানত বিজেপি ত্যাগ কৰি আপত যোগদান শতাধিকৰ

দুলীয়াজানত বিজেপি ত্যাগ কৰি আপত যোগদান শতাধিকৰ

author-image
Asomiya Pratidin
New Update
দুলীয়াজানত বিজেপি ত্যাগ কৰি আপত যোগদান শতাধিকৰ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াজানৰ টেঙাখাটত সম্পন্ন আম আদমী পাৰ্টিৰ বৃহৎ যোগদান কাৰ্যসূচী। দেওবাৰে আপৰ কেন্দ্ৰীয় নেতা জেছমিন শ্বাহ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ উপস্থিতিত ডিব্ৰুগড় জিলা বিজেপিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মিলন দাসৰ লগতে শতাধিক কৰ্মী আপত যোগদান কৰে।

Advertisment

আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উন্নয়নৰ ৰাজনীতি আৰু দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে দলটোত যোগদান কৰে। যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ ৰাষ্ট্ৰীয় নেতা জেছমিন শ্বাহে সংবাদ মাধ্যমক কয় যে ৰাজ্যখনত বিজেপিয়ে দলটোৰ চাৰিগৰাকী সাংসদক দলীয় প্ৰাৰ্থিত্ব দিয়া নাই।

বিগত দিনত এই সকল সাংসদে জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰা নাই। তেওঁলোকে নিজৰ বাবেহে কাম কৰিছিল। আগন্তুক দিনতো বিজেপিৰ প্ৰাৰ্থীক ভোট দিলে ৰাইজৰ কাম নকৰে সেয়া স্পষ্ট। গতিকে আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজয়ী কৰিবলৈ আহ্বান জনায়। দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰেও ডিব্ৰুগড় বাসীৰ উন্নয়নৰ স্বাৰ্থত বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্গত দল হিচাপে তেওঁক সমৰ্থন কৰিবলৈ আহ্বান জনায়।

Also Read: তিনি বছৰৰ পূৰ্বে হৈছিল অপহৰণ! অৰুণাচলৰ পৰা কিশোৰক উদ্ধাৰ আৰক্ষীৰ

aap bjp