৩০ খন চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে বিধায়ক পোনাকণ বৰুৱা মিলিত হয় আলোচনাত...

যুগ যুগ ধৰি বাগিচাসমূহত চৰকাৰী আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এনে অভিযোগৰ বিপৰীতে এইবাৰ তৎপৰ হৈ পৰিছে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা

author-image
Asomiya Pratidin
New Update
৩০ খন চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে বিধায়ক পোনাকণ বৰুৱা মিলিত হয় আলোচনাত...

ডিজিটেল সংবাদ, চাবুৱাঃ যুগ যুগ ধৰি বাগিচাসমূহত চৰকাৰী আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এনে অভিযোগৰ বিপৰীতে এইবাৰ তৎপৰ হৈ পৰিছে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা ।

Advertisment

পানীতোলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে চাবুৱা সমষ্টিৰ প্ৰায় ৩০ খন চাহ বাগিচাৰ পৰিচালকসকলৰ সৈতে আলোচনাত মিলিত হয় বিধায়কগৰাকী ।

অসম চৰকাৰে চাহ বাগিচাৰ চাহ শ্ৰমিক সকলৰ কাৰণে লোৱা নতুন আঁচনি সন্দৰ্ভত বাগিচাৰ পৰিচালকসকলক অৱগত কৰে বিধায়কগৰাকীয়ে । লগতে তেওঁলোকৰ পৰা সহযোগীতা বিচৰাৰ উদ্দেশ্যেৰে সভাখন অনুষ্ঠিত হয় ।

আনহাতে প্ৰতিখন চাহ বাগিচাত নিৰ্মাণ হ'ব লগা আদৰ্শ হাইস্কুল আৰু অঙ্গনবাড়ী চেন্টাৰ নিৰ্মাণত ‌বাগিছা কতৃপক্ষই সহাৰি জনাই সেই সন্দৰ্ভতো এক দীঘলীয়া আলোচনাত মিলিত হয় বিধায়কগৰাকী ।

লগতে চাহ উদ্যোগৰ ‌দুশ বছৰীয়া ‌যাত্ৰাৰ আয়োজন সন্দৰ্ভতো উক্ত সভাতেই আলোচনা হয় ।

Also Read: মৃত্যু উপত্যকাত পৰিণত এখন গাওঁ ! গুলীবিদ্ধ হৈ ৬ জনৰ মৃত্যু, ৫ জন আহত...

chabua tea garden owner MLA punakan boruah