/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b5db9cdf-471c-4ef5-b3f1-4564ceeead52/AP_FOR_WEB_picnic.jpg)
মেচুকালৈ পিকনিক খাবলৈ গৈ সঁচাই সন্ধানহীন হৈছে নেকি দুখন ইন'ভাসহ পিকনিক দল? আঁৰৰ সত্য কি...
ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ পৰা পিকনিকলৈ গৈ দুখনকৈ ইন'ভাসহ ১৩ জনীয়া এটা পিকনিকৰ দল সন্ধানহীন হোৱাৰ খবৰ ৰাজ্যৰ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ১৩ জনকৈ লোকৰ এই পিকনিক দলটোৱে বুধবাৰে সন্ধিয়া পিকনিকলৈ যোৱাৰ পিছৰে পৰা সংযোগ বিচ্ছিন্ন হৈ আছে বুলিও জানিব পৰা গৈছে।
সামাজিক মাধ্যমত প্ৰচাৰ চলিছে মেচুকালৈ পিকনিক খাবলৈ যোৱা এই দলটো দুৰ্ঘটনাত পতিত হৈছে। কিন্তু কিমানদূৰ সত্য এই ঘটনা? সঁচাকৈয়ে এই দলটো দুৰ্ঘটনাত পতিত হৈছে নেকি?
আমি লাভ কৰা খবৰ অনুসৰি পিকনিক দলটোৰ দুৰ্ঘটনাৰ খবৰ বিভ্ৰান্তিকৰ। সম্পূৰ্ণ সুৰক্ষিত হৈ আছে এই পিকনিক দলটো। মেচুকাত মোবাইল নেটৱৰ্ক দুৰ্বল হোৱাৰ বাবেই এই দলটোৰ কোনো এজন সদস্যৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাছিল।
উল্লেখ্য এই পিকনিক দলটোত আছে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ প্ৰায় ১৩ জনকৈ লোক।তেওঁলোকে মেঘালী ট্ৰেভেলছ নামৰ প্ৰতিষ্ঠানটোৰ পৰা ভাড়ালৈ নিছে বাহন দুখন। বাহনৰ গৰাকী ডিব্ৰুগড়ৰ জে গলিৰ অৰিন্দম দত্ত।
পিকনিক দলটোত আছে শিৱসাগৰৰ নিতাইপুখুৰীৰ ভৰত খনিকৰ, যোৰহাটৰ নিলাক্ষী বৰা, ডিব্ৰুগড় বৰবৰুৱাৰ সুকন্যা নেওগ, থানা চাৰিআলিৰ পংকজ চাইনী, জয়া নামৰ আন এগৰাকী মহিলাসহ আন কেইবাজনো।