কি হৈ আছে আছে ডিমা হাচাওত? ৪ কংগ্ৰেছ প্ৰাৰ্খী নিখোজ, ৪ সমষ্টিতে বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...

কি হৈ আছে আছে ডিমা হাচাওত? ৪ কংগ্ৰেছ প্ৰাৰ্খী নিখোজ, ৪ সমষ্টিতে বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...
কি হৈ আছে আছে ডিমা হাচাওত? ৪ কংগ্ৰেছ প্ৰাৰ্খী নিখোজ, ৪ সমষ্টিতে বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...

ডিজিটেল ডেস্কঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে শুকুৰবাৰে বিজেপিয়ে ভয়, ভাবুকিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰাৰ মাজতে ৪ গৰাকীকৈ বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিষদখনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌ, প্ৰাৰ্থীত্ব বঞ্চিতৰ ক্ষোভ আৰু দলীয় কাৰ্যকৰ্তাৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হোৱাত বিপদত পৰিব বুলি আশাংকা কৰা হৈছিল যদিও শুকুৰবাৰে আন এখন ছবিহে পোহৰলৈ আহিছে।

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত ৪ জনকৈ বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। এইসকলৰ ভিতৰত আছে ১০ নং মাইবং (পশ্চিম) পৰিষদীয় সমষ্টিত মোহিত হোজাই, ১২ নং ৱাজাও পৰিষদীয় সমষ্টিত বিশ্বজিৎ দাওলাগুপু, ২৩ নং হাৰাংগাজাও সমষ্টিত অমেন্দু হোজাই আৰু ২৪ নং হামৰি সমষ্টিত মনজিৎ নাইডিং।

স্মৰ্তব্য, মাইবং (পশ্চিম) পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাক্ষি আছিল বিজেপি নেতা তথা পূৰ্বৰ ই এম বিজিত লাংথাছা। কিন্তু এইবাৰ দলে তেওঁক টিকত প্ৰদান নকৰাত বিজেপি ত্যাগ কৰি নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছিল। এই সমষ্টিতে মোহিতে হোজাইয়ে বিজেপিৰ হৈ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। এই মোহিত হোজায়েই আকৌ ইয়াৰ পূৰ্বৰ নিৰ্বাচনত নিৰ্দলীয়ভাৱে একেটা সমষ্টিতে বিজিত লাংথাছাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল।

ৱাজাও সমষ্টিতো বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈছিল বিজেপিৰ নেতা। এই সমষ্টিতে বিজেপিয়ে এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা বিশ্বজিৎ দাওলাগুপু ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু দলীয় কাৰ্যকৰ্তাৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও পৰিশেষত তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে।

মন কৰিবলগীয়া, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ দাবীৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সঙিৰ প্ৰতি দাবী জনাই শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰিছিল। পৰিষদয়ী নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তৰ কাছাৰত সংঘটিত হোৱা কেতবোৰ ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছ দলটোৱে এই সংবাদ মেল সম্বোধন কৰিছিল।

সংবাদ মেলত কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনে কৈছিল, পৰিষদৰ ২৮ টা সমষ্টিৰ আটাইকেইটাতে কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু ইয়াৰে ৪ টা সমষ্টিত মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা দেখি পৰাজয় নিশ্চিত হৈ বিজেপি শংকিত হৈছে বুলি অভিযোগ কৰি তেওঁ কৈছিল, কংগ্ৰেছৰ প্ৰাৰ্থী, প্ৰাৰ্থীৰ পৰিয়ালৰ লোক, প'লিং এজেণ্ট আদিক ফোন যোগে ভাবুকি দিয়া হৈছে ৷ যাৰ বাবে স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ দাবী উত্থাপন কৰিবলগীয়া হৈছে ৷

তেওঁ অভিযোগ কৰিছিল, ডিমা হাছাওত বিজেপিৰ নেতাৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰে সম্পৰ্ক থকাৰ অভিযোগ আছে। কংগ্ৰেছৰ চাৰি গৰাকী প্ৰাৰ্থী বৰ্তমান সংযোগ বিচ্ছিন্ন হৈ আছে ৷ তেওঁলোক কি অৱস্থাত আছে জানিব পৰা হোৱা নাই বুলিও কৈছিল।

বিজেপিয়ে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰি তেওঁ ডিমা হাছাওক ভয়-ভাবুকিৰ পৰিৱেশৰ পৰা মুক্ত কৰাৰ বাবে তেওঁ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু আৰক্ষী সঞ্চালকৰ প্ৰতি দাবী জনায় ৷

এই সংবাদ মেলতে জ্যেষ্ঠ কংগ্ৰেছ নেতা নিৰ্মল লাংথাচা আৰু জয়ৰাম ইংলেঙে ডিমা হাছাওৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশৰ বিষয়ে উল্লেখ কৰি কয় যে, বৃহস্পতিবাৰৰ পৰা কংগ্ৰেছৰ একাংশ প্ৰাৰ্থী নিখোজ হৈ আছে ৷ বিশেষকৈ হামৰি, ৱেষ্ট মাইবং আৰু হাজাদিচা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তিনিগৰাকী যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷ কেৱল কংগ্ৰেছেই নহয় নিৰ্দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰতো একেই অৱস্থা হৈছে।

কি হৈ আছে আছে ডিমা হাচাওত? ৪ কংগ্ৰেছ প্ৰাৰ্খী নিখোজ, ৪ সমষ্টিতে বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...
তিনিচুকীয়াৰ মাকুম ৰে'ল লাইনত ৰে'লৰ খুন্দাত মহিলা নিহতঃ আন এগৰাকী আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in