অভিনেত্ৰী জয়া প্ৰদাই খেলিব নিৰ্বাচন !

জন্মদিন উপলক্ষে তিৰুপতি তিৰুমালা মন্দিৰত উপস্থিত অভিনেত্ৰী জয়া প্ৰদা

author-image
Asomiya Pratidin
New Update
অভিনেত্ৰী জয়া প্ৰদাই খেলিব নিৰ্বাচন !

ডিজিটেল ডেস্ক : অন্ধ্ৰ প্ৰদেশৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে অভিনেত্ৰী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ জয়া প্ৰদাই। অভিনেত্ৰীগৰাকীৰ ওপজাদিন উপলক্ষে বুধবাৰে তিৰুপতি তিৰুমালা মন্দিৰত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে।

Advertisment

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা একালৰ মোহময়ী অভিনেত্ৰী জয়া প্ৰদাই নিৰ্বাচন খেলাৰ সন্দৰ্ভত কয় যে, যদিহে বিজেপিৰ শীৰ্ষ নেতৃত্বই বিবেচনা কৰে তেন্তে গৃহৰাজ্য অন্ধ্ৰ প্ৰদেশৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে। তেঁও দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰত আস্থা ৰখাৰ কথাও ব্যক্ত কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,আজি ৩ এপ্ৰিল। ১৯৬২চনৰ আজিৰ দিনটোতে অন্ধ্ৰ প্ৰদেশত জন্মলাভ কৰিছিল জয়া প্ৰদাই। ৬২ সংখ্যক জন্মদিন উপলক্ষে আজি তেঁও অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি তিৰুমালা মন্দিৰত উপস্থিত হৈ সেৱা জনায়।

Also Read: অপমান কৰিবলৈ মোক গ্ৰেপ্তাৰ কৰিছেঃ অৰবিন্দ কেজৰিৱাল

Tirupati Tirumala temple Jaya Prada andhra pradesh bjp