/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6870c8c1-7586-4eae-97fa-0816a56e1622/ap_for_web_copy_1.jpg)
ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ কৰা মদন শ্বাহক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শনিবাৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ কৰিছিল মদন শ্বাহ নামৰ লোকজনে।
উল্লেখ যোগ্য যে, ডিব্ৰুগড়ৰ পৌৰসভাত অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত শ্বাহে এই ঘটনা সংঘটিত কৰিছিল। পৌৰসভাৰ এগৰাকী ৱাৰ্ডি কমিছনাৰকো আক্রমণৰ লক্ষ্য কৰি লৈছিল শ্বাহে। ইয়াৰ পাছতেই অভিযুক্ত শ্বাহক ডিব্রুগড় আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰিছে।
Also Read: ৰেখান্ত-অসীম আৰু দ্বিবনক এসপ্তাহৰ আৰক্ষীৰ জিম্মালৈ...