/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e0cd8b10-0cb7-4933-8fd5-875bbf576b84/74.jpg)
ডিজিটেল সংবাদ,চাবুৱা : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে দুই প্ৰাক্তন আছু নেতাৰ নিৰ্বাচনী প্ৰচাৰ।এফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা সময়তেই বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/98aa1f45-7542-4771-9cef-be032a0cfc9d/437734206_976620030500085_7642386046610652418_n.jpg)
বিজেপিৰ দৰে বিশাল জনসভা আয়োজন নকৰিলেও গ্ৰামাঞ্চল, চাহ বাগিচা আদিত সৰু সৰু সভা অনুষ্ঠিত কৰি ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰিছে। তেনে সময়তে শিয়ালকাটী চাহ বাগিচাত লুৰীণজ্যোতি গগৈক চাহ শ্ৰমিক ৰাইজে ব্যাপক হাৰত আদৰণী জনোৱা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a5c20ed4-81bf-4ecc-ab05-b5dc87dddc42/437790699_976619690500119_21043852642672833_n.jpg)
বিশেষকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ,ৰাজু চাহুৱে লুৰীণক নিৰ্বাচনত জয়ী কৰাবলৈ তৎপৰ হোৱা পৰিলক্ষিত হয়। চাবুৱাৰ শিয়ালকাটী চাহ বাগিচাত অনুষ্ঠিত এক সভাত দুয়োজন নেতা উপস্থিত থাকি লুৰীণজ্যোতি গগৈক চাহ বাগিচা অঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে চাহ শ্ৰমিক ৰাইজৰ সমৰ্থন লাভ কৰাবলৈ ব্যাপক হাৰত চেষ্টা চলায়। চাহ শ্ৰমিকসকলৰ ব্যাপক সমাদৰ লাভ কৰা এই প্ৰচাৰ সভাত তেওঁ বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e66fd241-809f-42c0-b6c3-55b559ec8906/437748131_976619140500174_1644024967464800204_n.jpg)
Also Read: অশোকাষ্টমীত শিলঘাটত প্ৰাতঃস্নানৰ উদ্দেশ্যে ভক্তৰ ভিৰ