পল্টন বজাৰত হোলী গীতৰ কৰ্মশালা সম্পন্ন

পল্টন বজাৰত হোলী গীতৰ কৰ্মশালা সম্পন্ন

ডিজিটেল সংবাদ,গুৱাহাটী : শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ দ্বাৰা পৰিচালিত সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত মহানগৰীৰ পল্টন বজাৰস্থিত শংকৰ-মাধৱ ক্ষেত্ৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়। মহাপ্ৰভু শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উপলক্ষে ৬ দিনীয়াকৈ অনুষ্ঠিত হোলী গীতৰ কৰ্মশালাখনিৰ শুকুৰবাৰে সফলভাৱে সামৰণি পৰে বুলি উদ্যোক্তাই জনায়।

কৰ্মশালা হোলী গীতৰ বিশিষ্ট শিল্পীদ্বয় ৰমেন দাস আৰু নলিনী মহন্তৰ তত্বাৱধানত অনুষ্ঠিত হয় । সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ সাধাৰণ সম্পাদক কুলজিৎ বৰুৱাই ।

সভাত গোপাল মহন্ত প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয় । কৰ্মশালাত প্ৰায় দুকুৰি প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে বুলিও জানিবলৈ দিয়ে।

পল্টন বজাৰত হোলী গীতৰ কৰ্মশালা সম্পন্ন
কাছাৰত হেৰ'ইনসহ এজনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in