/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a82c04ff-9bd0-40a5-8143-0c961da25b4b/ffffffffff.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰবা থানাৰ অন্তৰ্গত কদমণি পথাৰৰ পৰা ড্ৰাগছ সহ স্বামী-স্ত্ৰীক বটদ্ৰবা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। এক গোপন সুত্ৰৰ পম খেদি বটদ্ৰবা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই কদমণি পথাৰৰ ছহিদুল ইছলামৰ বাসগৃহৰ পৰা ২০ টা কণ্টেইনাৰত থকা ২৭.৬১ গ্ৰাম হি'ৰইন সহ ১১ টা খালি কন্টেইনাৰ, এটা মোবাইল ফোন উদ্বাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ছহিদুল ইছলাম আৰু তেওঁৰ পত্নী মোচিদা খাতুনক আটক কৰে। দীৰ্ঘদিন ধৰি দম্পতীহালে ড্ৰাগছৰ বেহা চলাই আহিছিল বুলি জানিব পৰা গৈছে।
Also Read: শংকৰ সংঘৰ সদস্য পদ গ্ৰহণ নকৰাৰ বাবে এটি পৰিয়ালক নিৰ্যাতনৰ অভিযোগ, বিশেষভাৱে সক্ষম যুৱকৰ ভাঙিলে হাত!