/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/87447d8e-c343-4f0e-bfb0-d428e0b46329/Karmachari.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড় : ডিব্ৰুগড়ৰ এখন চৰকাৰী বিদ্যালয়ত দুটা পৰিয়ালৰ হিয়াভগা কান্দোন। কাৰণ ২০০৭ চনৰ পৰা বৰ্তমানলৈকে বকুল মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত চকিদাৰ পদত বিনা বেতনেৰে অস্থায়ী ভিত্তিত কাম কৰিছিল অৰুণ কোঁচ আৰু নৱজ্যোতি বৰুৱা নামৰ লোক দুজনে।
চাকৰি স্থায়ীকৰণ হোৱা আশাতে দুয়োজন কৰ্মচাৰীয়ে বিদ্যালয়খনত চকিদাৰ হিচাপে পাৰ কৰিলে ১৫ টা বছৰ। কিন্তু চৰকাৰে শেহতীয়াকৈ চতুৰ্থবৰ্গ কৰ্মচাৰী নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা পিছতেই এতিয়া এইসকল অবৈতনিক কৰ্মচাৰী পৰিয়াললৈ নামি আহিছে অমানিশা।
নতুন নিযুক্তিয়ে এফালে হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিলেও আনফালে এইসকলৰ দৰে দুৰ্ভগীয়া কৰ্মচাৰীৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত এতিয়া সমস্যাই দেখা দিছে। প্ৰশ্ন আহিছে তেওঁলোকৰ বিনা বেতনেৰে কাম কৰা সেৱাক চৰকাৰে মূল্য দিবনে ? যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকৰ এনে সমস্যাৰ পৰা উদ্ধাৰ কৰি উক্ত পদতেই চাকৰিত নিযুক্তি প্ৰদান কৰিবলৈ পৰিয়াল দুটিয়ে কাতৰ আহ্বান জনায়।
Also Read: সাৱধান, ষ্ক্ৰব তায়ফছত ভোগীব পাৰে আপুনিও...