/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3be27287-9bb1-411e-afd1-939a964b3e3a/86.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : খিলঞ্জীয়া ভূমিপুত্ৰ চুতীয়াসকলৰ শৌৰ্য,বীৰ্যৰ মূৰ্ত প্ৰতীক, বীৰাংগণা সতী সাধনীৰ ৫০০ সংখ্যক স্মৃতি দিৱসটি সমগ্ৰ অসমৰ লগতে ঢকুৱাখনাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে সশ্ৰদ্ধ স্মৰণ কৰা হয়। শনিবাৰে পূব ঢকুৱাখনা আৰু হাৰ্হি আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ আতিথ্যত ঢকুৱাখনা জিলা চুতীয়া জাতি মহিলা সন্মিলন, ঢকুৱাখনা জিলা চুতীয়া যুৱ সম্মিলন আৰু ঢকুৱাখনা মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ যৌথ সহযোগত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত এই দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।
পূব ঢকুৱাখনাৰ মদাৰগুৰি ৰাজহুৱা ৰঙ্গমঞ্চত ৫০০ সংখ্যক বীৰাঙ্গনা সতী সাধনী দিৱসৰ মুখ্যদ্বাৰ উন্মোচন কৰে ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াই। ইয়াৰ পাছতে দিৱসৰ পতাকা উত্তোলন কৰে ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰে।
জ্ঞাতিবৰ্গৰ লগতে সন্মিলন আৰু উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাৰ উপস্থিতিত সাধনীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলী চুতীয়াই।বৰদেউৰী ডিম্বেশ্বৰ চুতীয়া, সৰু দেউৰী বিদ্যুৎ চুতীয়া আৰু ৰাজীৱ শইকীয়াৰ পৰিচালনাত অনুষ্ঠিত দেও কুৱেৰ পূজাৰ পাছতে মঞ্চ আৰু সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সভাপতি হেম বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/000fd298-a0d5-42f3-8ecc-40784439209c/27e7ea35_5f4e_4ada_b8cd_21a4c31178fc.jpg)
দুপৰীয়া ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্ধোধনী ভাষণ দিয়ে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা তুলসী প্ৰসাদ শইকীয়াই । সতী সাধনী মহান ত্যাগ আৰু নৃগোষ্ঠীটোৰ জাতীয় অস্তিত্ব সুৰক্ষাৰ প্ৰতি আত্ম বলিদানেৰে আগবঢ়াই যোৱা অতুল্য অৱদানৰ স্মৃতিচাৰণ কৰি উদ্বোধক শইকীয়াই মননশীল বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5886121c-9364-4c26-b1e7-2e6059806b31/73d83097_f0ff_4c5d_b442_968dde2daf34.jpg)
সভাত নিদিষ্ট বক্তা হিচাপে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন বৰুৱাই সতী সাধনীৰ বৰ্ণময় ইতিহাস আৰু ঐতিহ্য বিচাৰ কৰি গৱেষণালব্ধ বক্তব্য আগবঢ়ায়। সভাত সদৌ চুতীয়া জাতি সন্মিলনৰ প্ৰশাসনিক সম্পাদক নৃপেন শইকীয়া,চুতীয়া যুৱ সন্মিলন অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়া,এন চি ডি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ দলে,সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ উপ সভানেত্ৰী কল্পনা সেনাপতি, উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক অজিত খনিকৰ, ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল চুতীয়া, বিষয় শিক্ষক বিষ্ণু খনিকৰ, অধিবক্তা বিজিত চুতীয়াকে ধৰি ভালেসংখ্যক জ্ঞাতিবৰ্গ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/57526d4e-6547-4e3e-98e5-db6c50fc045c/627077be_ccf5_4100_bacd_b2567ea5b81f.jpg)
উপস্থিত বক্তাসকলে ইতিহাস সমৃদ্ধকাৰী নৃগোষ্ঠী চুতীয়াসকলৰ সামগ্ৰিক উত্তৰণ বিকাশ আৰু চুতীয়া জনগোষ্ঠীয় ৰাইজৰ সাংবিধানিক প্ৰাপ্য অধিকাৰ জনজাতিকৰণৰ স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত শাসক গোষ্ঠীয়ে প্ৰদৰ্শন কৰি অহা অহেতুক হেমাহিক সমালোচনা কৰে । ভূমিপুত্ৰ চুতীয়াসকলৰ এনেবোৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰা আৰু প্ৰাপ্য আজুৰি অনাৰ বাবে সংঘবদ্ধ গণতান্ত্ৰিক সংগ্ৰামৰ বিকল্প নাই বুলি মত প্ৰকাশ কৰে। সভাত বিভিন্ন লোক কৃষ্টি সংস্কৃতিৰ শ্ৰুতিমধুৰ উপস্থাপনে দিৱসটি জীপাল কৰি তোলে ।