টেঙাখাতত বিভিন্ন কাৰ্যসূচীৰে দিনজোৰা শ্ৰমিক দিৱস উদযাপন...

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টেঙাখাত অঞ্চলটো সোমবাৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয়
শ্ৰমিক দিৱস উদযাপন
শ্ৰমিক দিৱস উদযাপন

প্ৰতিদিন সংবাদ, টেঙাখাতঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টেঙাখাত অঞ্চলটো সোমবাৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয় ।

টেঙাখাতৰ এক ভিতৰুৱা অঞ্চল আমোলগুৰি চাহ বাগিছাৰ ৰাজহুৱা খেলপথাৰ তথা অস্থায়ী প্ৰেক্ষাগৃহত আমোলগুৰি চাহ বাগিছাৰ প্ৰাথমিক গোটৰ উদ্যোগত তথা আমোলগুৰি চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক শ্ৰমিক দিৱস উদযাপন কৰা হয় ।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ধন ঘাটোৱাৰে আৰু স্মৃতি তৰ্পন কৰে সম্পাদক বিনোদ গোৱালাই । বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে দিলিপ সোণোৱালে ।

ইয়াৰ পিছতে ৰমেন ঘাটোৱাৰে মঞ্চ মুকলি কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰী তথা লৰা-ছোৱালীৰ মাজত বিভিন্ন খেল-ধেমালি গান, বাজানা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন
আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত মুকলি সভাখনি পৰিচালনা কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ধন ঘাটোৱাৰে ।

বহু সংখ্যক চাহ শ্ৰমিক ৰাইজ উপস্থিত থকা উক্ত সভাত ডিব্ৰুগড় জিলাৰ জাতীয় মহাসভাৰ উপ-সভাপতি হৰেশ্বৰ ঘাটোৱাৰ, টেঙাখাত আঞ্চলিকৰ উপ-সভাপতি প্ৰহ্লাদ হাজাম টেঙাখাত, প্ৰেছ ক্লাৱৰ সম্পাদক জয়ন্ত শইকীয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে উক্ত সভাত সাংবাদিক মনজিত বৰা শ্ৰমিক নেতা বিনোদ গোৱালা মূলেশ্বৰ খাৰীয়া দীপক তাঁতি কাৰ্তিক মূৰা বিপূল মূৰা ফাগ্নো তাঁতি আদি বহু নেতা কৰ্মী আদিয়ে অংশগ্ৰহণ কৰে ।

সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে শ্ৰমিক দিৱসৰ তাৎপৰ্য, সাম্প্ৰতিক সময়ত শ্ৰমিক ৰাইজৰ কৰণীয় তথা সজাগতা আদি সৰ্বদিশ সামৰি বক্তব্য ৰাখে ।

সভাত হৰেশ্বৰ ঘাটোৱাৰে গীত পৰিৱেশন কৰি সভা শুৱনি কৰে । অন্যহাতে ফুকনবাৰী চাহ বাগিছৰ শ্ৰমিক গোট আৰু যুৱক সংঘৰ উদ্যোগত স্থানীয় খেলপথাৰ তথা প্ৰেক্ষাগৃহত পতাকা উত্তোলন বিভিন্ন প্ৰতিযোগিতা তথা মুকলি সভা আদি দিনজোৰা কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰা পৰিলক্ষিত হয় ।

শ্ৰমিক দিৱস উদযাপন
শ্ৰমিক দিৱস উদযাপন
শ্ৰমিক দিৱস উদযাপন
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতি দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in