
ডিজিটেল সংবাদ, গুৱাহাটীঃ বড়ো জাতিৰ পিতৃ হিচাবে পৰিচিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সোমবাৰে ৩৪তম মৃত্যু দিৱস । মৃত্যু দিৱসৰ লগত সংগতি ৰাখি মনোজ্ঞ কাৰ্যসূচীৰে গুৱাহাটী মহানগৰীৰ ৰূপনগৰস্থিত মিডিয়া ট্ৰাষ্টৰ কাৰ্যালয় প্ৰাংগনত পালন কৰা হয় স্মৃতি দিৱস ।
মৃত্যু দিৱস উপলক্ষে পুৱা ৯ বজাত মিডিয়া ট্ৰাষ্টৰ প্ৰাংগনত স্হাপন কৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্ত্তিৰ ওচৰত বন্তি প্ৰজ্বলন কৰে ট্ৰাষ্টৰ সভাপতি বিশিষ্ট সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাই ।
ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষী ৰমনী বৰ্মনে আঁত ধৰা অনুষ্ঠানত পুষ্পাঞ্জলি অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ ট্ৰাষ্টী দিলীপ শৰ্মাই । বডোফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে কাৰ্যবাহী ন্যাসৰক্ষী ৰমনী বৰ্মনে ।
এনে অনুষ্ঠানত উপস্থিত থাকি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয় সম্পাদক প্ৰদীপ সন্দিকৈয়ে কয় যে প্ৰতি বছৰে বড়ো জাতিৰ পিতৃ গৰাকীৰ স্মৃতি দিৱস পালন কৰি মিডিয়া ট্ৰাষ্টে সমন্বয়ৰ সাঁকো বান্ধি সংহতিৰ দৃষ্টান্ত দাঙি ধৰিছে ।
মিডীয়া ট্ৰাষ্টৰ উদ্যোগত ইতিমধ্যেই স্হাপন কৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰে ট্ৰাষ্টৰ কাৰ্যবাহী ন্যাসৰক্ষী ৰমনী বৰ্মনে ।
ট্ৰাষ্টৰ কৰ্মকৰ্তা আৰু কৰ্মচাৰী সকলৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত কাৰ্যবাহী ন্যাসৰক্ষী ৰমনী বৰ্মনে আঁতধৰা অনুষ্ঠানত বক্তব্য ৰাখি বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱাই কয় যে উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো আৰু অসমীয়াৰ মাজত সমন্বয়ৰ প্ৰতীক হিচাপে চিৰদিন থাকিব ।
কাৰ্যবাহী ন্যাসৰক্ষী ৰমনী বৰ্মনে তেওঁৰ ভাষনত কয় যে উপেন্দ্ৰনাথ ব্ৰহ্ম একেধাৰে সংগ্ৰামী নেতা, বড়ো ভাষাত প্ৰকাশিত দৈনিক কাকতৰ সম্পাদক, কৃতি শিক্ষক, আৰু এগৰাকী ভাল বিশ্লেষক ।
নাৰী নিৰ্যাতনৰ বিৰুদ্ধে গাঁৱে গাঁৱে জনজাগৰণ সৃষ্টিত অৰিহনাৰ যোগোৱা বাবে বডোফা সদায়েই স্মৰনীয় হৈ ৰ’ব বুলি মন্তব্য কৰে ।